অসম

assam

ETV Bharat / state

টিংখাঙত শৈক্ষিক কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যপাল কাটাৰীয়াই - Governor Gulab Chand Kataria - GOVERNOR GULAB CHAND KATARIA

Educational Workshop : টিংখাঙত শিক্ষার্থী সকলক যুগ সাপেক্ষভাৱে প্ৰস্তুত কৰি তোলা, সবল ব্যক্তিত্ব নির্মাণ কৌশল প্রদানৰ লক্ষ্য়ৰে শৈক্ষিক কৰ্মশালাৰ কাৰ্যসূচী । অহা ২৩ জুলাইত সামৰণি পৰিব এই কৰ্মশালাৰ ।

Growth from Grassroot press meet
শৈক্ষিক কৰ্মশালা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:59 PM IST

মৰাণ, ২১ জুলাই:অহা ২৩ জুলাইত টিংখাঙলৈ আহিব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । টিংখাঙৰ ৰাজগড় চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যপাল গৰাকীয়ে । উল্লেখযোগ্য যে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত তথা স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰাছৰুটৰ উদ্যোগত টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰী সকলক লৈ এটি শৈক্ষিক কৰ্মশালাৰ কাৰ্যসূচী অন্বেষণ চলি আছে । সমষ্টিটোৰ কেইবাখনো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ মহলালৈকে তিনিটা ভাগত বিভক্ত কৰি যোৱা ১২ জুলাইৰ পৰা অহা ২৩ জুলাইলৈকে অনুষ্ঠিত হৈ থকা কৰ্মশালাত তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । দেওবাৰে স্বেচ্ছাসেৱী ন্যাসৰ সভানেত্ৰী জাহ্নৱী বড়াই এক সংবাদমেলত এই বিষয়ে সদৰী কৰিছে ।

শৈক্ষিক কৰ্মশালা (ETV Bharat Assam)

স্বেচ্ছাসেৱী ন্যাসৰ সভানেত্ৰীগৰাকীয়ে কয় যে এই কৰ্মশালাত শিক্ষার্থী সকলক যুগ সাপেক্ষভাৱে প্ৰস্তুত কৰি তোলা, সবল ব্যক্তিত্ব নির্মাণ কৌশল প্রদান, আত্মপ্ৰকাশৰ উপযুক্ত শাৰীৰিক আৰু মানসিক সামর্থ গঠন, ইংৰাজী কথন শৈলী আৰু দক্ষতা আয়ত্ব সম্পৰ্কীয় শিক্ষা প্ৰদান, বৃত্তি বা চাকৰিৰ বাবে আবেদন পত্ৰ, বায়’ডাটা, সংক্ষিপ্ত বিৱৰণ, শৈক্ষিক জীৱনৰ বিস্তৃত সাৰাংশ আদি লিখন কৌশলৰ শিক্ষা প্ৰদান কৰা হয় । অহা ২৩ জুলাইত এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে সকলো কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলক একত্ৰিত কৰি ৰাজগড় চাহ বাগিচা খেলপথাৰত অনুস্থিত হ'বলগা সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিব ।

এই অনুষ্ঠানটোত অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থকাৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । আনহাতে,২২ জুলাইত এই কৰ্মশালাত অংশগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক পৰীক্ষা অনুষ্ঠিত হ'ব । প্ৰতিটো কেন্দ্ৰৰ আটাইকেইটা শাখাৰ শীৰ্ষ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এক শিক্ষামূলক ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব । আজিৰ এই সংবাদমেলখনত স্বেচ্ছাসেৱী ন্যাসৰ সম্পাদিকা গৌৰী কোঁৱৰ বড়ায়ো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:সৰুপথাৰত তিনি প্ৰসাদৰ সংগীতৰ প্ৰশিক্ষণ - Music Workshop

চিৰাঙত বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ, নৃত্য-গীতৰ কৰ্মশালা - Folk culture workshop

ABOUT THE AUTHOR

...view details