গুৱাহাটী, ২৫ জুন :লক্ষ্য হ্ৰাস কৰিও সফল হ'ব পৰা নাই অসম চৰকাৰ । কৃষকৰ উৎপাদিত ধান বজাৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে চৰকাৰ । কৃষিপ্ৰধান ৰাজ্য অসমৰ কৃষকক উদগনি যোগাবলৈ ন্যূনতম সমর্থন মূল্যত (এম এছ পি) ধান ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও চৰকাৰে ভঁৰালৰ ধান বজাৰলৈ উলিয়াই অনাত ব্যৰ্থ হৈছে ।
ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয়ত ব্যৰ্থ চৰকাৰ (ETV Bharat) প্ৰতিবছৰে ধানৰ এম এছ পি বৃদ্ধি কৰা হৈছে যদিও ধান ক্ৰয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাসহে পাইছে । উল্লেখ্য যে ৰাজ্য চৰকাৰে এই বছৰত প্ৰতি কুইণ্টলত ২১৮৩ টকাকৈ এম এছ পি নিৰ্ধাৰণ কৰি কৃষকৰ পৰা ৬.৫৩ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৷
৩০ জুনত নিৰ্ধাৰিত সময়ৰ অন্ত পৰিব । ধান কিনাৰ সময় শেষ হ'বলৈ মাজত মাত্ৰ কেইদিনমান বাকী আছে । কিন্তু এতিয়ালৈ দায়িত্বপ্ৰাপ্ত প্ৰতিষ্ঠান চাৰিটাই নিৰ্ধাৰিত লক্ষ্যৰ ৫০ শতাংশ ধানো ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই ।
- লক্ষ্য হ্ৰাস কৰাৰ পাচতো নাহিল সফলতা :
অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনস্থ খাদ্য আৰু অসামৰিক যোগান নিগমৰ তত্ত্বাৱধানত চলা আঁচনিখন ৰাজ্যত ৰূপায়ণ কৰাৰে পৰা চূড়ান্তভাৱে ব্যৰ্থ হৈ আহিছে । আনহাতে এইবাৰ ধান ক্ৰয় সংস্থাৰ সংখ্যা পূৰ্বৰ ছটাৰ পৰা চাৰিটালৈ হ্ৰাস কৰা হৈছে ।
লক্ষ্য হ্ৰাস কৰিও সক্ষম হোৱা নাই ৫০ শতাংশ ধান ক্ৰয় কৰিবলৈ (ETV Bharat) আনকি ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণো হ্ৰাস কৰা হয় । পূৰ্বতে ছটাকৈ সংস্থাক ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল । কিন্তু এইবাৰ চাৰিটা সংস্থাক ৬.৫ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য দিয়া হয় । আনহাতে এইবাৰ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্যও বৃদ্ধি কৰা হয় ।
তৎসত্ত্বেও এইবাৰো আঁচনিখন ব্যর্থ হোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে । বিগত পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ কৰা ধান ক্ৰয় প্ৰক্ৰিয়াটো অহা ৩০ জুনত সমাপ্ত হ'ব । মাজত মাত্ৰ কেইদিনমানহে বাকী আছে । কিন্তু এই পর্যন্ত নিৰ্ধাৰিত লক্ষ্যৰ ৫০ শতাংশ ধানো ক্ৰয় কৰা হোৱা নাই ।
ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয়ত ব্যৰ্থ চৰকাৰ (ETV Bharat) লগতে পঢ়ক :দুটা বছৰত ধান ক্ৰয়ৰ লক্ষ্যৰ পৰা বহু দূৰৈত থাকিল ছটাকৈ চৰকাৰী সংস্থা
ৰাজ্যৰ দুখীয়া কৃষকক মধ্যভোগীৰ নিৰ্যাতনৰ পৰা সকাহ দি অধিক লাভ আদায়ৰ সুযোগ দিয়া তথা কৃষকৰ আয় দুগুণ কৰাৰ উদ্দেশ্যৰে ৰূপায়ণ কৰা আঁচনিখন আৰম্ভণিৰে পৰা অসমত ব্যৰ্থ হৈ আহিছে । ফলস্বৰূপে ব্যৰ্থতাৰ মাত্ৰা হ্ৰাস কৰিবলৈ পূৰ্বৰ ছটাৰ পৰিৱৰ্তে এইবাৰ ক্ৰয় সংস্থাৰ সংখ্যা চাৰিটালৈ হ্ৰাস কৰা হয় ।
তেনেদৰে পূৰ্বৰ ১০ লাখ মেট্ৰিক টনৰ পৰা এইবাৰ ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ চাৰে ছয় লাখ মেট্ৰিক টনলৈ হ্ৰাস কৰা হয় । কিন্তু তথাপিও সফল হ'ব পৰা নাই । এটা কথা স্পষ্ট হৈ পৰিছে যে এইবাৰৰ ব্যৰ্থতাও পূৰ্বৰ তুলনাত কম নহ'ব ।
- কিহৰ বাবে ব্যৰ্থ হৈছে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া :
পৰিকল্পনাৰ অভাৱৰ বাবেই এই অৱস্থাৰ সৃষ্টি হৈছে । কৃষকক আকৰ্ষণৰ বাবে ন্যূনতম সমৰ্থিত মূল্যবৃদ্ধি কৰাতেই সকলো শেষ নহয় । ধান বিক্ৰীৰ বাবে কৃষকক কি কি সুবিধা কৰি দিয়া হৈছে সেইটোও অন্যতম মূল বিষয় । লক্ষণীয় বিষয় যে এইবাৰৰ খাৰিফ শস্যৰ বতৰত কৃষকৰ পৰা ধান ক্ৰয়ৰ সময় বিগত বৰ্ষৰ পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ হয় যদিও ইয়াৰ জাননী জাৰি কৰা হয় জানুৱাৰী মাহত ।
গতিকে কৃষকে জানুৱাৰীৰ মাজভাগৰ পৰাহে ধান বিক্ৰী কৰিবলৈ সক্ষম হয় । আকৌ ধান বিক্ৰী কৰিবলৈ কৃষকক যি ধৰণৰ ব্যৱস্থা কৰি দিয়া হৈছে, সেই অনুসৰি কৃষকে চৰকাৰৰ পৰিৱৰ্তে মধ্যভোগীৰ হাততে ধান বিক্ৰী কৰিবলৈ অধিক আগ্ৰহ প্ৰকাশ কৰে ।
মধ্যভোগীয়ে প্ৰায়ে কৃষকৰ ঘৰৰ পৰাই ধান ক্ৰয় কৰে । ধানৰ গুণাগুণৰ ক্ষেত্ৰতো মধ্যভোগীয়ে নিজে দায়িত্ব লৈ বহু সময়ত আপোচ কৰে । ইয়াৰ বিপৰীতে চৰকাৰী সংস্থাৰ ওচৰত বিক্ৰী কৰিব লাগিলে ধানবোৰ এক নিৰ্দিষ্ট মানলৈ শুকুৱাই কৃষকে যথেষ্ট দূৰে দূৰে স্থাপন কৰা বিক্ৰী কেন্দ্ৰলৈ নিজে নিব লাগে ।
ইয়াৰ ফলত পৰিবহণ ব্যয় যথেষ্ট বৃদ্ধি পায় । ধানবোৰ শুকুৱাত সামান্য ইফাল-সিফাল হ'লেই কেন্দ্ৰবোৰত ধান ক্ৰয় কৰা নহয় । ফলত বিক্ৰী নহ'লে আকৌ ঘূৰাই নিব লাগে । ক্ৰয় কেন্দ্ৰবোৰ যথেষ্ট দূৰে দূৰে স্থাপন কৰাৰ ফলত অধিকাংশ কৃষকে দ্বিতীয়বাৰ ধানবোৰ বিক্ৰী কেন্দ্ৰলৈ নিবলৈ আগ্ৰহী নহয় ।
গতিকে হাতৰ ওচৰতে পোৱাত তেওঁলোকে মধ্যভোগীৰ ওচৰতে ধান বিক্ৰী কৰিবলৈ বাধ্য হয় । অথচ কৃষকক আকৰ্ষিত কৰিবৰ বাবেই প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য এইবাৰ ২,১৮৩ টকালৈ বৃদ্ধি কৰা হয় । ২০২২-২৩ বৰ্ষত এই পৰিমাণ আছিল ২,০৪০ টকা ।
- চাৰিটা সংস্থাৰ কোনে কিমান ধান ক্ৰয় কৰিলে :
এইবাৰ ধান ক্ৰয়ত আটাইতকৈ বেছি ব্যৰ্থ হৈছে দুটা ৰাষ্ট্ৰীয় সংস্থা । ইয়াৰ ভিতৰত অন্যতম হ'ল ভাৰতীয় খাদ্য নিগম (এফ চি আই)। লক্ষণীয় বিষয় যে এফ চি আয়ে অসমৰ কৃষকৰ পৰা ধান ক্ৰয়ত গুৰুত্ব নিদিয়াৰ অভিযোগ নতুন নহয় । বিগত তিনিটা বছৰৰ প্ৰতিবাৰতে ধান ক্ৰয়ৰ নির্ধাৰিত পৰিমাণ আছিল ১০ লাখ মেট্ৰিক টন ।
কিন্তু কোনোবাৰে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহ'ল । এনে ব্যৰ্থতাৰ বাবেই ২০২৩-২৪ বৰ্ষত ধান ক্ৰয় কৰা সংস্থাৰ সংখ্যা ছটাৰ পৰা চাৰিটালৈ হ্ৰাস কৰা হয় । লগতে ক্ৰয়ৰ পৰিমাণ পূৰ্বৰ ১০ লাখ মেট্ৰিক টনৰ পৰা হ্ৰাস কৰি ৬,৫৩,৭০০ মেট্ৰিক টন কৰা হয় । কিন্তু আজিলৈকে সংস্থা চাৰিটাই ক্ৰয় কৰিছে লক্ষ্যৰ ২,৯৪,১৩৩ মেট্ৰিক টন ধান ।
তথ্য অনুসৰি ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয়ৰ লক্ষ্য আছিল ৭৬ হাজাৰ মেট্ৰিক টন । কিন্তু সংস্থাটোৱে এতিয়ালৈকে ক্ৰয় কৰিছে মাত্ৰ ১১৬৩৭ মেট্ৰিক টন ধান । আনটো ৰাষ্ট্ৰীয় সংস্থা নেছনেল এগ্ৰিকালচালে কো-অপাৰেটিভ মাৰ্কেটিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (নাফেড) লক্ষ্য নির্ধাৰিত ধান ক্ৰয়ৰ পৰিমাণ আছিল ১,০৪,০০০ মেট্ৰিক টন ।
ইয়াৰে এতিয়ালৈকে ক্ৰয় কৰা হৈছে মাত্ৰ ২৭৩৭৩.২৩ মেট্ৰিক টন । ইয়াৰ বিপৰীতে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ আছিল ৪,৬৮,৭০০ মেট্ৰিক টন । ইয়াৰে এতিয়ালৈকে ক্ৰয় কৰা হৈছে ২,৫১,৬১৯.৩৭ মেট্ৰিক টন ।
সেইদৰে অসম কৃষি বিপণন পৰিষদৰ ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্য আছিল ৫ হাজাৰ মেট্ৰিক টন । কিন্তু এতিয়ালৈকে ক্ৰয় কৰিছে ৩৫০৩.২৬ মেট্ৰিক টন ধান । এক কথাত কোনো এটা সংস্থাই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হোৱা নাই আৰু সক্ষম হোৱাৰ আশাও নাই । কাৰণ এতিয়ালৈকে লক্ষ্যৰ ৫০ শতাংশ ধানো ক্ৰয় কৰিব পৰা নাই আৰু মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে । তেনেস্থলত লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহয় ।
উল্লেখ্য যে, এইবাৰ ধান ক্ৰয়ৰ দায়িত্বৰ পৰা বাদ দিয়া সংস্থা দুটা হৈছে নেছনেল ফেডাৰেচন অৱ ফার্মাৰ্ছ প্ৰকিউৰমেণ্ট প্ৰচেছিং এণ্ড ৰিটেইলিং কো-অপাৰেটিভ অৱ ইণ্ডিয়া লিমিটেড আৰু নেছনেল কো-অপাৰেটিভ কঞ্জুমার্চ ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড ।
পূৰ্বতে ছটা সংস্থাৰ বাবে ৰাজ্যজুৰি ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছিল ২৭২ টা । কিন্তু এইবাৰ চাৰিটা সংস্থাৰ বাবে ৰাজ্যত ১৭০ টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হয় ।
লগতে পঢ়ক :পানী নাই পথাৰত, কৃষিমন্ত্ৰী ব্যস্ত কেৱল তৈলমৰ্দনত : অখিল গগৈ - Akhil Gogoi on BJP Government