অসম

assam

অনলাইন ট্ৰেডিঙৰ বিপদ : ধন বিনিয়োগকাৰীক মুখ্যমন্ত্ৰীয়ে ক’লে "আৰু এনেকুৱা নকৰিব" - online trading fraud

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 7:04 PM IST

Assam CM on online trading: অনলাইন ট্ৰেডিঙৰ দ্বাৰা দুগুণ লাভ উঠাবলৈ গৈ ৰাজ্যৰ বহুলোক সৰ্বস্বান্ত হোৱাৰ সময়তে এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ৰাইজক এনে প্ৰৱঞ্চনাৰ পৰা আঁতৰি থাকিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ৷

online trading fraud
Assam CM on online trading (Assam CM X handle)

তেজপুৰ, ৩ ছেপ্টেম্বৰ: ৰাজ্যত অনলাইন ট্রেডিঙৰ নামত চলি থকা প্ৰৱঞ্চনাৰ বিৰুদ্ধে সৰৱ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৰাইজক অনলাইন ট্রেডিঙৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান আৰু নটাৰী পাব্লিক কৰি সুদ দিম বুলি কোৱা ব্যৱস্থা একেবাৰে অপৰাধ বুলি উল্লেখ মুখ্য়মন্ত্ৰীৰ । আৰক্ষীয়ে আজিৰে পৰা অভিযান আৰম্ভ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।

অনলাইন ট্ৰেডিঙক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে শোণিতপুৰ জিলাৰ চতিয়াত কয়, " ষ্টক মাৰ্কেটত বিনিয়োগৰ ক্ষেত্ৰত যিসকল লোকে টকা-পইচা লগাইছে, মই সাধাৰণ ৰাইজক জনাব খুজিছো যে এনে ধৰণৰ কোনো ব্যৱস্থা নাই ৷ নটাৰী পাব্লিক কৰি সুদ দিম বুলি যিসকলে লৈছে এইধৰণৰ কাম একেবাৰে প্ৰবঞ্চকৰ কাম । যিসকলে ধন বিনিয়োগ কৰিছে আৰু যাতে নকৰে তাৰ বাবে ৰাইজক অৱগত কৰিছো যে আৰু যাতে ধন বিনিয়োগ নকৰে ।"

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আজি চতিয়া থানাত উপস্থিত হৈ সাংবাদিকৰ লগত মত বিনিময় কৰে ৷ তেওঁ কয়, " যিসকলে ধন বিনিয়োগ কৰিছে, পুনৰ যাতে আৰু নকৰে । ষ্টক মাৰ্কেটত সোমাব লাগিলে তাত এটা নিজৰ ডি-মেট একাউন্ট খুলিব লাগে আৰু এক সুকীয়া ব্যৱস্থা আছে ৷ ব্ৰ’কাৰৰ জৰিয়তে কোনেও ধন বিনিয়োগ কৰিব নালাগে ৷ নহ’লে ৰাইজৰ বহু ধন অপচয় হ’ব । "

" ৰাইজক অনুৰোধ কৰিছো যে এইবিলাকৰ পৰা আঁতৰি থাকিব লাগে । আজিৰে পৰা আৰক্ষীয়ে একশ্যন লৈছে, অহা তিনি চাৰি দিনত আৰক্ষীয়ে আৰু ব্যৱস্থা গ্ৰহণ কৰিব " বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

উল্লেখ্য যে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰি শেহতীয়াকৈ ৰাজ্যৰ বহুলোক সৰ্বস্বান্ত হোৱাৰ খবৰ পোৱা গৈছে ৷ আৰক্ষীৰ জালত পৰিছে ৰাইজক দুগুণ ধন লাভৰ লোভ দেখুৱাই ধন সংগ্ৰহ কৰা একাংশ প্ৰৱঞ্চকো ৷ এই প্ৰৱঞ্চকে যাতে আৰু ৰাইজক লুটিব নোৱাৰে তাৰ বাবে সতৰ্ক হ’বলৈ আৰক্ষীয়েও বিভিন্ন সময়ত আহ্বান জনোৱা দেখা গৈছে সামাজিক মাধ্যমত ৷

লগতে পঢ়ক:অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা ! কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? - ONLINE TRADING SCAM

স্বপ্ননীল দাসকাণ্ডত টুইষ্ট : দিছপুৰ থানাত কি অভিযোগ অৰ্ধ শতাধিক লোকৰ ? - online trading scam

আৰক্ষীৰ জালত বিতৰ্কিত বিশাল ফুকন : পলাতক তেওঁৰে ঘনিষ্ঠ এগৰাকী অভিনেত্ৰী ! - Stock Market Investment Scam

ABOUT THE AUTHOR

...view details