গুৱাহাটী, ১০ মাৰ্চ: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম চৰকাৰে প্ৰদান কৰিছিল এক বিশেষ উপহাৰ । এই উপহাৰৰ প্ৰসংগত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।
উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে কাজিৰঙাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে যোৰহাটৰ মেলেং মেটেলী পথাৰত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰিছিল । উক্ত সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি উক্ত বিশেষ উপহাৰ প্ৰদান কৰিছিল ।
প্ৰধানমন্ত্ৰীক দিয়া সেই উপহাৰ সন্দৰ্ভত আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ মোদী পৰিয়ালে কালি যোৰহাটত উপহাৰ দিয়া ভগৱান ৰামলালাৰ এই ঐশ্বৰিক প্ৰতিচ্ছবিখন ৰাজ্যৰ হেৰাই যোৱা শিল্পৰূপসমূহ পুনৰ জীয়াই তোলাৰ বাবে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাস্তৱ প্ৰতিফলন । এনে এক উপহাৰ প্ৰধানমন্ত্ৰীলৈ মৰমৰ চিন হিচাপে দিবলৈ পাই আমি ধন্য অনুভৱ কৰিছোঁ ।’’
তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘পুৰুষোত্তম প্ৰভুৰ এই নান্দনিক চিত্ৰখন প্ৰাচীন আহোম যুগৰ খাম শৈলীত অসম গৌৰৱ গঁড়ৰ গোবৰৰ কাগজ, পৰম্পৰাগত মুগা ৰেচম কাপোৰ আৰু সোণৰ ঢাকি থোৱা পাত ব্যৱহাৰ কৰি অংকন কৰা হৈছে । আহোম যুগৰ সময়ত খামৰ বহুল প্ৰচলন আছিল যদিও কালক্ৰমত ই প্ৰায় বিলুপ্ত হৈ পৰে । আজিৰ নৱপ্ৰজন্মৰ মাজত এই নান্দনিক কলাক অধিক জনপ্ৰিয় কৰাৰ দিশত আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছোঁ ।’’