অসম

assam

ADRE ৰ কাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্য; পৰীক্ষাৰ পাছত প্ৰশ্ন কাকতৰ মূল্য বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে - ADRE Question Paper Leak

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 10:59 PM IST

CM on ADRE Paper Leak: যোৱা দেওবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ "ডাঙৰ অনুষ্ঠান এটা ক’ৰবাত কিবা খুঁত ওলায় । তাকলৈ টেলিভিছনত যেনেকৈ প্ৰচাৰ চলাই আছে, ইয়াৰ ফলত যুৱক-যুৱতীসকল সংবাদ মাধ্যমৰ পৰা আঁতৰি যাব । পৰীক্ষা ভাল হৈছে, ৰিজাল্টো ভাল হ’ব ।’’ -মুখ্যমন্ত্ৰীৰ ভাষ্য ৷

CM on ADRE Question Paper Leak
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰীৰ ৰক্তদান (ETV Bharat Assam)

গুৱাহাটী,১৭ ছেপ্টেম্বৰ: "অসমৰ যুৱক-যুৱতীসকলৰ স্বপ্নক বাস্তৱায়িত কৰা ক্ষেত্রত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাক আমি অত্যন্ত উৎসর্গিত মনোভাৱেৰে স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ বিনম্র প্রয়াস কৰিছোঁ । কিন্তু এচাম লোকে যিধৰণে ইয়াৰ ভুল উলিওৱাত উঠি-পৰি লাগিছে, তেওঁলোকক অভিনন্দন জনাই ক’ব বিচাৰোঁ যে এনে কৰাৰ বাবে ব্যক্তিগতভাৱে মোৰ ক্ষতি নহ’ব পাৰে । কিন্তু সপোন দেখা যুৱক-যুৱতীসকলে কষ্টৰ সন্মুখীন হ’ব । কাৰণ এনেবোৰ কাৰণত আগলৈ পৰীক্ষা পাতিবলৈ কোনোৱে সাহেই নকৰিব পাৰে, মই বুলিহে পাতি আছো ।" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

ADRE ৰ কাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্য (ETV Bharat)

এ ডি আৰ ইৰ প্ৰশ্নকাকত ফাদিল হোৱাকলৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্রীয়ে মঙলবাৰে এইদৰে মন্তব্য কৰে । দেওবাৰে ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল । পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১১ লাখৰো অধিক প্ৰাৰ্থী । উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ এই পৰীক্ষাৰ সমাপ্তিৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হৈছিল । মোবাইলে মোবাইলে ভিডিঅ’ আকাৰে ভাইৰেল হৈছে প্ৰশ্নকাকত ।

পি ডি এফ ফৰ্মেটৰ প্ৰশ্নকাকতৰ ভিডিঅ’ বনাই ভাইৰেল কৰা হৈছিল ছ’চিয়েল মিডিয়াত । পৰীক্ষা শেষ হোৱাৰ পিচত ভাইৰেল হৈছিল প্ৰশ্নকাকত । মংগল সিং বসুমতাৰী নামৰ এজনে ভাইৰেল কৰিছিল এ ডি আৰ ইৰ প্ৰশ্নকাকত । ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমিত ভিডিঅ’গ্ৰাফাৰৰূপে নিযুক্ত আছিল মংগল সিং বসুমতাৰী । প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত এতিয়ালৈকে ৮জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰীৰ ৰক্তদান (ETV Bharat Assam)

প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে কয়, "পৰীক্ষা হৈ যোৱাৰ পাচত প্রশ্নকাকতখনৰ মূল্য নিশ্চিতভাৱে নাথাকে, তাক সকলোৱে জানে । পৰৱর্তী পৰীক্ষাত পৰীক্ষার্থীসকলক প্রশ্নকাকতখন ঘৰলৈকে লৈ যাবলৈ ছেবাক আহ্বান জনাইছোঁ, নহ’লে তাক লৈ একাংশই আকৌ ৰাজনীতিকৰণ কৰিব । মোক আপোনালোকে বেয়া পাওক কিন্তু ৰাজ্যৰ ১১ লাখ ল’ৰা-ছোৱালীক লৈ কিয় ধেমালি কৰিছে ।"

লগতে তেওঁ কয়, "১০.৩০ বজাত আৰম্ভ হোৱা পৰীক্ষাৰ ২.১৭ বজাত প্ৰশ্নকাকত মোবাইলত ভাইৰেল হৈছে । তাত ভাবিব লগা কি আছে, পৰীক্ষা ইতিমধ্য শেষ হৈছে । আগন্তুক পৰীক্ষাসমূহৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীৰ লাভ কৰিব । নিযুক্তি পৰীক্ষাত খুঁত উলিয়াবলৈ একাংশই প্ৰচেষ্টা কৰিছে । তাত হিমন্ত বিশ্ব শৰ্মাৰ লোকচান নহয়, যুৱক-যুৱতীসকলৰহে লোকচান হ’ব ।’’

"ডাঙৰ অনুষ্ঠান এটা ক’ৰবাত কিবা খুঁত ওলায় । তাকলৈ টেলিভিছনত যেনেকৈ প্ৰচাৰ চলাই আছে, ইয়াৰ ফলত যুৱক-যুৱতীসকল সংবাদ মাধ্যমৰ পৰা আঁতৰি যাব । পৰীক্ষা ভাল হৈছে, ৰিজাল্টো ভাল হ’ব । পৰীক্ষা শেষ হোৱাৰ পিচত প্ৰশ্ন কাকতৰ মূল্য ক’ত ? পৰীক্ষাৰ পাছত প্ৰশ্ন কাকতৰ মূল্য বিয়াৰ পিচৰ পেণ্ডেলৰ দৰে ।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰীৰ ৰক্তদান (ETV Bharat Assam)

প্ৰধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষ্যে ৰক্তদান কৰিলে মুখ্যমন্ত্রীয়ে :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজি সমগ্ৰ দেশতে আয়োজিত 'সেৱা পখৱাড়া' অভিযানৰ অংশ হিচাপে গুৱাহাটীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰক্তদান কৰে । 'ৰক্তদান মহান দান'ৰ মহামন্ত্ৰক সাৰোগত কৰি আজি মুখ্যমন্ত্রীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্তদান কৰে । ৰক্তদানৰ দৰে মানৱীয় পদক্ষেপেৰে পৱিত্ৰ দিনটো পালন কৰিবলৈ পাই পৰম শান্তি লাভ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্রীয়ে ।

লগতে পঢ়ক:৭৪ বছৰীয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - Narendra Modi Birthday

ADRE ৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত ৮ জনক গ্ৰেপ্তাৰ - ADRE Question Paper Leak

ABOUT THE AUTHOR

...view details