গুৱাহাটী : শেহতীয়াকৈ ঘোষণা কৰা হ'ল অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল । উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচ সমষ্টিৰ ভিতৰত অতি চৰ্চিত সমষ্টিটো আছিল চামগুৰি বিধানসভা সমষ্টি । কিয়নো এই সমষ্টিটো দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ হাততে আছিল । এই সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ পৰা দিপ্লু ৰঞ্জন শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল চামগুৰিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে ।
অৱশেষত ব্যাপক জল্পনা-কল্পনাৰ অন্ত পেলাই সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গত ফুলিল পদুম । সাংসদ ৰকিবুল হুছেইনৰ পুত্র তানজিল হুছেইনক ২৪ হাজাৰ ৪২৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি চামগুৰিত জয়ী হ'ল বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মা ।
আত্মবিশ্বাসী আছিলো,জিকিম বুলিয়ে নিৰ্বাচন খেলিছিলো:দিপ্লু ৰঞ্জন শৰ্মা (ETV Bharat) বিজেপি কাৰ্যালয়ত আঠু কাঢ়ি সেৱা ল'লে দিপ্লু ৰঞ্জন শৰ্মাই
জয়ী যোৱাৰ পিছত বিধায়ক হিচাপে পোন প্ৰথমবাৰৰ বাবে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় দিপ্লু ৰঞ্জন শৰ্মা । দেওবাৰে নিশা বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈয়ে মূৰ দোৱাই সেৱা লয় বিধায়কগৰাকীয়ে । ইয়াৰ পূৰ্বে মা কামাখ্যা মন্দিৰটো উপস্থিত হৈ সেৱা আগবঢ়ায় বিধায়াকগৰাকীয়ে ।
পিছত বিজেপিৰ মুখ্য কাৰ্যালয়ত নৱ নিৰ্বাচিত বিধায়কগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে ।
অনুষ্ঠানটোত উপস্থিত থাকি নৱ নিৰ্বাচিত বিধায়কগৰাকীয়ে কয়,"অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণ মূলক আঁচনিয়ে স্পৰ্শ কৰিছে । সেয়েহে চামগুৰিৰ সকলো স্তৰৰ ৰাইজে আমাক ভোট দিছে । মই আগতে কৈছো চামগুৰিত অংক নহয় ৰসায়ন হে হ'ব । ২০১১ বা ২০১৬ত মুক্ত গণতন্ত্ৰ হ'লে তেতিয়াই ৰকিবুল হুছেইন হাৰিলে হয় । এইবাৰ যিহেতু মুক্ত গণতন্ত্ৰৰ নিৰ্বাচন হৈছিল সেয়েহে সকলো স্তৰৰ লোকে এজন এজন দিপ্লু ৰঞ্জন শৰ্মা হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।’’ লগতে তেওঁ কয় যে ২৬ চনতো আমি ১০০তা সমষ্টি জিকিম । তাৰ ভিতৰত চামগুৰি অন্তৰ্ভুক্ত হৈ থাকিব ।
লগতে পঢ়ক :চামগুৰি আমাৰ বাবে অতি কঠিন আছিল; নৱ-নিৰ্বাচিত তিনি বিধায়কক সম্বৰ্ধনা জনাই ক'লে মুখ্য়মন্ত্ৰীয়ে