ডিব্ৰুগড় :পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ অসম আৰক্ষী আৰু পৰিবহণ বিভাগে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও হ্ৰাস পোৱা নাই পথ দুৰ্ঘটনাৰ সংখ্যা ৷ সেয়ে ৰাজ্যত সংঘটিত এই পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । যোৱা দেওবাৰৰ পৰা ডিব্ৰুগড়ৰ সচিবালয়ত থাকি ৰাজ্য চৰকাৰৰ কাম-কাজ তদাৰক কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অনুষ্ঠিত কৰে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণক লৈ এখন পৰ্যালোচনা সভা ।
এই পৰ্যালোচনা সভাত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং, অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, পৰিবহণ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়া, লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷ লগতে এই পৰ্যালোচনা সভাত ভাৰ্ছুৱেলী মুখ্য সচিবৰ লগতে অসম চৰকাৰৰ বহুকেইটা বিভাগৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে । এই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত সংঘটিত হৈ থকা পথ দুৰ্ঘটনাসমূহৰ কাৰণসমূহ বিশ্লেষণ কৰে ।
পূৰ্বৰ বৰ্ষৰ তুলনাত এই বৰ্ষত ১৪% পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা কমিল বুলিও পৰ্যালোচনাৰ সভাত বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে ।