অসম

assam

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৫৭ টা পৰামৰ্শত অনুমোদন কেবিনেটৰ - Assam Accords Clause 6

By ANI

Published : Sep 5, 2024, 12:20 PM IST

Assam Cabinet on Clause 6 : অৱশেষত বহু দিন ধৰি গেথেলা মাৰি থকা অসম চুক্তিৰ ৬ নং দফাৰ বাবে গঠন কৰা আয়োগৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ । ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা নেতৃত্বাধীন ৬ নং দফা আয়োগে আগবঢ়োৱা ৫৭ টা পৰামৰ্শত অনুমোদন কেবিনেটৰ ।

Assam Cabinet on Clause 6
অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৫৭ টা পৰামৰ্শত অনুমোদন কেবিনেটৰ (ANI Photo)

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ন্যায়াধীশ (অৱসৰযুক্ত) বিপ্লৱ শৰ্মা আয়োগৰ পৰা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা কাৰ্যকৰী কৰা ক্ষেত্ৰত অসম কেবিনেটে অনুমোদন জনাইছে ।

মুখ্যমন্ত্ৰীয়ে এক এক্স পোষ্টত কয় যে অসমৰ জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে স্বাধীনতাৰ পিচত এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে পৰিগণিত হ'ব । উল্লেখ্য যে, অসম চুক্তিৰ ৬ নং দফাত কোৱা হৈছে যে উপযুক্ত সাংবিধানিক, আইনী আৰু প্ৰশাসনিক সুৰক্ষাৰ জৰিয়তে অসমবাসীৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য সুৰক্ষিত, সংৰক্ষণ আৰু প্ৰচাৰ কৰিব লাগে ।

এক্স পোষ্টত মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণৰ ক্ষেত্ৰত কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ওপৰতো আলোকপাত কৰে ।

তেওঁ উল্লেখ কৰা মতে, ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু বৰাক উপত্যকাৰ বাহিৰে এই পৰামৰ্শসমূহ সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ'ব । আনহাতে, এই নিৰ্দিষ্ট অঞ্চলবোৰত তাৰ কৰ্তৃপক্ষ আৰু জনসাধাৰণৰ সন্মতিৰ পিচতহে পৰামৰ্শবোৰ কাৰ্যকৰী কৰা হ'ব । কেবিনেটে বাকী ১০ টা পৰামৰ্শৰ বাবে ভাৰত চৰকাৰৰ সৈতে বিতং আলোচনা কৰিব বুলিও কোৱা হৈছে ।

কেবিনেটে লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনৰ সৈতে আলোচনামৰ্মে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে এক স্পষ্ট ৰোডমেপ আৰু ৰূপায়ণৰ আন্তঃগাঁথনি প্ৰস্তুত কৰিবলৈ মন্ত্ৰী মণ্ডলীৰ এটা দল গঠন কৰাৰো সিদ্ধান্ত লয় । এই পৰামৰ্শবোৰ 2025 চনৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব ।

লগতে পঢ়ক :ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত; পাব এই বিশেষ সুবিধা- - HIMANTA BISWA SARMA
লগতে পঢ়ক :ট্ৰেডিং প্ৰৱঞ্চনাত জড়িত ৩৬ জনক গ্ৰেপ্তাৰ : চক্ৰ উৎখাতৰ বাবে তৎপৰ অসম আৰক্ষী - Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details