মৰাণ, 17 জুন : কেঁচা চাহপাতত নিষিদ্ধ কেমিকেল ব্যৱহাৰ কৰাক লৈ বিতৰ্ক চলি থকাৰ মাজতেই "ইউৰোফিন্স এগ্ৰ লেবৰটেৰী" নামৰ এক চাহপাত পৰীক্ষা কৰা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ অসমত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত মুকলি কৰা হয় ৷ লাহোৱালৰ আলিমূৰস্থিত Teamafco চাহ ফেক্টৰীত আনুষ্ঠানিকভাবে অত্যাধুনিক এই পৰীক্ষাগাৰটো সোমবাৰে মুকলি কৰে ৰাজ্যৰ উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বড়াই ৷ এই অত্যাধুনিক পৰীক্ষাগাৰটো অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ ইতিহাসত প্ৰথমটো চাহ পৰীক্ষা কৰা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ ৷
চাহপাত পৰীক্ষা কৰা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ মুকলি (ETV BHARAT ASSAM) এই পৰীক্ষাগাৰে চাহপাতত প্ৰয়োগ কৰা কেমিকেলৰ লগতে ইয়াৰ মান নিশ্চিত কৰিব ৷ ইয়াৰ পূৰ্বে অসমত এনে ধৰণৰ কেঁচা চাহপাতৰ মান নিৰূপণ কৰিব পৰা কোনো ধৰণৰ পৰীক্ষাগাৰ নাছিল ৷ ফলত কলকাতাত অসমৰ খেতিয়কৰ কেঁচা চাহপাত পৰীক্ষা কৰিব লগা হৈছিল ৷ সেয়ে এই কেঁচা চাহপাত পৰীক্ষা কৰা প্ৰক্ৰিয়াটোত বেমেজালি সৃষ্টিৰ অভিযোগ কৰি আহিছিল ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে চাহ উদ্যোগৰ লগত জড়িত সংগঠনসমূহে ৷
লগতে পঢ়ক :অনিশ্চয়তাত ক্ষুদ্ৰ চাহ খেতিয়ক... - ASSAM Small tea growers
আজি এই পৰীক্ষাগাৰ মুকলি কৰি উদ্যোগ মন্ত্ৰী বিমল বড়াই কয় যে, অসমত কোনো ধৰণৰ পৰীক্ষাগাৰ নথকাত অসমৰ চাহ খেতিয়কসকল সমস্যাত পৰিব লগা হৈছিল ৷ বটলিফ টি মেনুফেকছাৰ্ছ এছ’চিয়েশ্যনে যি পৰীক্ষাগাৰ আৰম্ভ কৰিছে তাৰ ফলত এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকল উপকৃত হ'ব ৷ লগতে কেঁচা চাহপাতৰ দাম নিৰ্ধাৰণৰ ক্ষেত্ৰত জিলা পৰ্যায়ত ৰাজ্য চৰকাৰৰ উদ্যোগত সমিতি গঠন কৰা হৈছে আৰু সেই সমিতিৰ দ্বাৰাই কেঁচা চাহপাতৰ দাম নিৰূপণ হয় ৷ চাহত নিষিদ্ধ কীটনাশক ব্যৱহাৰক লৈ মন্ত্ৰীগৰাকীয়ে চাহ উদ্যোগৰ লগত জড়িত থকা সকলো পক্ষকে সজাগ হ'বলৈ আহ্বান জনোৱাৰ লগতে কীটনাশক উৎপাদন কৰা কোম্পানীসমূহক নিষিদ্ধ কীটনাশক প্ৰস্তুত নকৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিছে ৷
এই পৰীক্ষাগাৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কক উপকৃত কৰাৰ লগতে বটলিফ্ ফেক্টৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত সৃষ্টি হোৱা সংঘাতৰ অৱসান ঘটাব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷ আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে বটলিফ টি মেনুফেকছাৰ্ছ এছ’চিয়েশ্যনৰ বিষয়ববীয়া, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়া আৰু বহু ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থাকে ৷
লগতে পঢ়ক :অভিলেখ সংখ্যক মূল্য লাভ কৰি চমক সৃষ্টি 'সুখমল'ৰ - Assam tea