অসম

assam

ETV Bharat / state

যোৰহাটক বাদ দি অসমৰ ফলাফল ভাল : ভৱেশ কলিতা - lok sabha election results 2024 - LOK SABHA ELECTION RESULTS 2024

Bhabesh Kalita Reacted on Election Results : অসমত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ১১ খন আসন নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে । ইয়াৰে ভিতৰত এখনত মিত্ৰদল অগপ আৰু আন এখনত ইউ পি পি এলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । বাকী ৯ খন আসন বিজেপিৰ দখলত । বিজেপিৰ এই জয়লাভৰ পিচতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

Bhabesh Kalita Reacted on Election Results
নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 9:10 PM IST

ৰঙিয়া, ৪ জুন : চলিত লোকসভা নিৰ্বাচনত অসমত ভোটগ্ৰহণৰ অন্তত ৰাজ্যৰ ১৪ খন আসনৰ ভিতৰত ১২ খন বিজেপিয়ে আৰু দুখনত মিত্ৰদলে জয়লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল ৰাজ্যিক বিজেপিয়ে । কিন্তু শেহতীয়া ফলাফলত বিজেপিয়ে ৯ খন আৰু মিত্ৰদল অগপই এখন আৰু ইউ পি পি এলে এখন আসন দখল কৰিবলৈ সক্ষম হৈছে ।

বিজেপিৰ ফলাফলক লৈ ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

অৱশ্যে বিজেপিৰ প্ৰক্ষেপণ অনুসৰি আসন লাভ নকৰিলেও এই জয়লাভত সন্তুষ্টি লাভ কৰিছে ৰাজ্যিক বিজেপিয়ে । সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই কথা কয় । লগতে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাক লৈ উৎসাহী বুলিও তেওঁ প্ৰকাশ কৰে ।

তেওঁ কয়, "বিজেপিৰ অসমত ১২ খন আসনৰ লক্ষ্য আছিল । কিন্তু যোৰহাটত আমাৰ ফলাফল বেয়া হ'ল । যোৰহাট লোকসভা সমষ্টিত পৰাজয়ৰ বিষয়ে দলৰ মজিয়াত আলোচনা কৰা হ'ব ।"

লগতে পঢ়ক :অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : নগাঁৱত প্ৰদ্যুৎ, কোকৰাঝাৰত জয়ন্তৰ জয় - LOK SABHA ELECTION RESULTS 2024

আনহাতে, পোন প্ৰথমবাৰৰ বাবে মিত্ৰদল অগপই বৰপেটাত জয়লাভ কৰিছে । এয়া এক ঐতিহাসিক ক্ষণ বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, পূৰ্বৰ কলিয়াবৰ তথা বৰ্তমানৰ কাজিৰঙা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হোৱাক লৈও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে প্ৰথমবাৰৰ বাবে বিজেপিয়ে এই সমষ্টিটো নিজৰ দখললৈ নিয়াটো এক উল্লেখনীয় বিষয় । ইয়াৰ বাবে তেওঁ বৰপেটা আৰু কাজিৰঙা দুয়োটা সমষ্টিৰ ভোটাৰ ৰাইজক ধন্যবাদ জনায় ।

ইফালে আজমল পৰাস্ত হোৱাৰ বিষয়টো সন্দৰ্ভত ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয়, "বদৰুদ্দিন আজমল হাৰিব বুলি আমি জানো । ধুবুৰীৰ জনগাঁথনি সুকীয়া । সেয়ে আমি তাত প্ৰভাৱ পেলোৱাটো কঠিন ।"

আনহাতে, সৰ্বভাৰতীয় স্তৰত বিজেপিৰ প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে দেশত বিজেপিৰ প্ৰদৰ্শন বেয়া হোৱা নাই । কংগ্ৰেছে ১০০ খন আসনো লাভ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ইণ্ডিয়া এক 'ঘমন্দি' জোঁট । সেই কাৰণে সংখ্যাগৰিষ্ঠতা নাপালে । চৰকাৰ বিজেপিয়ে কৰিব আৰু নৰেন্দ্ৰ মোদীয়েই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details