অসম

assam

ETV Bharat / state

অসম সাহিত্য সভা দুৰ্নীতি শূন্য হ'ব : ড৹ বসন্ত কুমাৰ গোস্বামী - ASAM SAHITYA SABHA PRESIDENT

অসম সাহিত্য সভাত বিতৰ্ক হ'বলৈ নিদিয়াৰ অংগীকাৰ নৱ-নিৰ্বাচিত সভাপতিৰ ।

ASAM SAHITYA SABHA PRESIDENT
ড৹ বসন্ত কুমাৰ গোস্বামী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 29, 2024, 11:02 PM IST

যোৰহাট: সুদীৰ্ঘ ৩৭ বছৰ পাছত যোৰহাট জিলাৰ পৰা অসম সাহিত্য় সভাৰ সভাপতি পদত অধিষ্ঠিত হ'ল ড৹ বসন্ত কুমাৰ গোস্বামী । বিজয় সাব্যস্ত কৰাৰ পাছত যোৰহাটত ফটকা আৰু আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰিলে স্থানীয় ৰাইজে । বিজয় সাব্যস্ত কৰাৰ পিচতেই নৱ-নিৰ্বাচিত সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসম সাহিত্য সভাৰ যি পূৰ্বৰ যি গৰিমা আছিল সেই গৰিমা ঘূৰাই আনিব । লগতে মহাপুৰুষ শংকৰদেৱৰ ৰচনাৱলী হিন্দী আৰু ইংৰাজী লৈ অনুবাদ কৰিব ।

নৱ-নিৰ্বাচিত সভাপতিগৰাকীয়ে নিজৰ কাৰ্যকালৰ দুটা বছৰৰ এক মিনিট সময়ো অপচয় কৰা নহ’ব বুলি অংগীকাৰ কৰি কয়, "মোৰ কাৰ্যকালত কোনো কাৰণত সাহিত্য সভাত বিতৰ্ক হ'বলৈ দিয়া নহ'ব । সাহিত্য সভাৰ কিছু পৰিস্থিতিৰ কাৰণে আৰু ভালৰ কাৰণে সভাৰ সংবিধান কিছু পৰিমাণে সংশোধন কৰিব লাগিব ।" তেওঁ পুনৰ কয়," সাহিত্য সভাত কোনো ক'লা দাগ পৰিবলৈ দিয়া নহ'ব ।"

ড৹ বসন্ত কুমাৰ গোস্বামী (ETV Bharat Assam)

আনহাতে, বিগত সময়ত গুৱাহাটীৰ পৰাই সাহিত্য় সভাৰ কাম-কাজ পৰিচালনা হৈ থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "গুৱাহাটীৰ পৰিৱৰ্তে সাহিত্য সভাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰাই সাহিত্য সভাৰ নিৰ্বাচনৰ লগতে অন্যান্য বহু কাম কৰা হ'ব আৰু সাহিত্য সভাৰ কাৰ্যনিৰ্বাহখনো কাৰিকৰী কৰা হ'ব । সাহিত্য সভাৰ প্ৰতি যুৱপ্ৰজন্ম যি অনীহা ভাব সেয়া নাইকিয়া কৰি পুনৰ সাহিত্য সভা যুৱপ্ৰজন্মৰ মাজলৈ অনা হ'ব ।" তেওঁ সাহিত্য সভাত এতিয়া পৰা দুৰ্নীতি শূন্য হ'ব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে বসন্ত কুমাৰ গোস্বামীয়ে ১৯৪২ চনৰ ১২ ছেপ্টেম্বত গোলাঘাটৰ ঢেকীয়ালত‌ জন্মগ্ৰহণ কৰিছিল । তেওঁৰ পিতৃ আছিল স্বর্গীয় কমলচন্দ্র গোস্বামী । বৰ্তমান প্ৰথিতযশা সাহিত্যকগৰাকী যোৰহাটৰ চোলাধৰাৰ তৰুণৰাম ফুকন পথৰ সোৱাগপুৰৰ নিবাসী । তেওঁ ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰাৰ পাছত ১৯৯৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পিএইচ ডি লাভ কৰে ।

বসন্ত কুমাৰ গোস্বামীয়ে ১৯৬৩-৬৭ গোলাঘাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ত কৰ্মৰত আছিল । ইয়াৰ পিছত যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্রী মহাবিদ্যালয়ত (৩) অসমীয়া বিভাগৰ মুৰব্বী (১৯৯৮-২০০১৪) অধ্য়াপক হিচাপে কাৰ্যনিৰ্বাহক কৰাৰ লগতে ২০০১ চনৰ পৰা ২০০৩ চনলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ 'ছুপাৰ ছিলেকশন গ্রেড'ৰ অধ্যাপক আছিল ৷ তেওঁ যোৰহাট সাহিত্য সভাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অসম সাহিত্য সভাৰ ভাষাজ্ঞান পৰীক্ষা সংসদৰ সচিব(১৯৭৩-৭৫), সহকাৰী সম্পাদক(১৯৭৫-১৯৭৮), পত্রিকা সম্পাদক(১৯৯৭-১৯৯৯) আৰু প্রধান সম্পাদক (১৯৯৯-২০০৩) হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷

লগতে পঢ়ক:অসম সাহিত্য সভাৰ নতুন সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী - ASAM SAHITYA SABHA PRESIDENT

ভোটগণনাৰ পূৰ্বে মাৰপিট; পুনৰ বিতৰ্কত অসম সাহিত্য সভা - ASAM SAHITYA SABHA CONTROVERSY

ABOUT THE AUTHOR

...view details