গুৱাহাটী,৩০ আগষ্ট:"মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাক ভৱিষ্যতৰ নিৰ্বাচনৰ বাবে এখন ক্ষেত্র হিচাপে লৈছে । ভৱিষ্যৎ প্ৰজন্মৰ বাবে বিধানসভাত একো আলোচনা নহয় । ভৱিষ্যতৰ নিৰ্বাচন কিদৰে জয়ী হ'ব পাৰি তাৰ চিন্তা কৰা হয় বিধানসভাত ।" - এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এন এছ ইউ আইৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ লোৱা ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
ভূপেন বৰাই কয়, "বিধানসভাৰ এনে পৰিৱেশৰ বাবেই ৰাজ্যিক এন এছ ইউ আয়ে বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অধ্যক্ষক সাক্ষাৎ কৰি বিধানসভাত এদিনৰ বাবে নিবনুৱা সমস্যাৰ ওপৰত আলোচনা কৰাৰ বাবে দাবী জনাব । ইয়াৰ মূল থীমটো ল'ব লাগে যে ১২৬০০ খন দৰ্খাস্তৰ বিপৰীতে ৩২ লাখ আবেদন পৰাৰ পাছত যদি চৰকাৰ মৌন হৈ থাকে তেন্তে লাহে লাহে এই সমস্যাই কিমান ভয়াৱহ ৰূপ ল'ব ।"
প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে চহী সংগ্ৰহৰ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া:
প্ৰদেশ কংগ্ৰেছৰ সভাপতি হাটাও অভিযানৰ বাবে একাংশ বিধায়কে চহী কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই । বৰাই কয়, "মই সভাপতি থকা নথকাক লৈ অসমৰ ৰাইজে ইমান চিন্তা কৰি থকা নাই । আমি অসমৰ লৰা-ছোৱালীখিনিক লৈ চিন্তা কৰাটো ভাল হ'ব । কংগ্ৰেছৰ ইতিহাসত মই চাগে একমাত্র সভাপতি, মই কেতিয়াও দিল্লী নেতৃত্বৰ ওচৰলৈ গৈ মোক সভাপতি দিয়ক বুলি কোৱা নাই । দিল্লীত মোৰ নেতাই জানে যে ভূপেন বৰা দলৰ এগৰাকী আনুগত্যশীল ব্যক্তি । যিকোনো মুহূৰ্তত দলৰ নিৰ্দেশ মই মানি লও । মোক লৈ স্বাক্ষৰ গ্ৰহণ কৰিছে নে নাই মই নাজানো । কিন্তু মোক দিল্লীৰ পৰা এটা মেছেজ দিলেই মই এক মুহূৰ্তৰ বাবেও নাথাকো ।
লগতে তেওঁ কয়,"এই ইচ্ছ্যুটোত বেছি লাগি থাকিলে মই কম যে একাংশ সংবাদ মাধ্যম মুখ্যমন্ত্রীৰ পাল্লাত পৰিছে । মুখ্যমন্ত্রীয়ে এটা জাতি আৰু ধৰ্মক লৈ বিধানসভা পৰিচালিত কৰিছে । যাৰ বাবে অংগনৱাড়ীৰ, আশাকৰ্মীৰ, টেট শিক্ষকৰ, চাহ শ্ৰমিকৰ, ছয় জনগোষ্ঠীৰ, বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ, ছয় নং দফাৰ কথা আলোচনা নহ'ল । কিমান কৌশলেৰে মুখ্যমন্ত্রীয়ে জ্বলন্ত সমস্যাসমূহ গাপ দিছে । যাৰ বাবে আজি ছাত্র সংগঠনে নিবনুৱা সমস্যাৰ আলোচনা বিচাৰি সভা অনুষ্ঠিত কৰিবলগীয়া হৈছে ।"