গুৱাহাটী, ১৩ মাৰ্চ :কংগ্ৰেছৰ টিকট ঘোষণাৰ পিচতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত আৰম্ভ হৈছে খহনীয়া । এজনৰ পিছত আন এজন কংগ্ৰেছ নেতাই বি জে পি ত যোগদান কৰিবলৈ আৰম্ভ কৰিছে । গুৱাহাটীত টিকট নাপায় ক্ষুদ্ধ হৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বীজেন শৰ্মাই কালি পদত্যাগ কৰাৰ পিছতে বৃহস্পতিবাৰে আকৌ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়াই বি জে পিত যোগদান কৰে ।
গুৱাহাটীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰে সূৰুয দিহিঙীয়াই । মন্ত্ৰী যোগেন মোহন, পীযুষ হাজৰীকা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক সুশান্ত বৰগোহাঁইৰ উপস্থিতিত দিহিঙীয়াই বিজেপিত যোগদান কৰে । বি জে পি ত যোগদানৰ পিছত সূৰুয দিহিঙীয়াই কয়, ‘কাৰেন্ট নথকা ঘৰ এখনৰ পৰা কাৰেন্ট থকা ঘৰ এখনলৈ আহিছো । বিবেকৰ কথা শুনি বি জে পিত যোগদান কৰিছো । কংগ্ৰেছ দলত ৩০ বছৰ আছিলো । তৃণমূল পৰ্যায়ৰ পৰা আহিছিলো ।’
কংগ্ৰেছত জনহিতকৰ কাম কৰাৰ সুযোগ পোৱা নাযায় বুলি তেওঁ দলটোক সমালোচনা কৰে । ইয়াৰ লগতে তেওঁ কয়, ‘কংগ্ৰেছ দলত ঐক্যতা নাই । নেতৃত্বৰ খোৱা-কামোৰা । মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ পুত্ৰ হ'লে কংগ্ৰেছ দলত যি সুবিধা, স্থান পায়, সেয়া কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ পৰা অহা কৰ্মীয়ে নাপায় । তেওঁক ওপৰলৈ যাবলৈ দিয়া নহয় । বৰং তেওঁক ষড়যন্ত্ৰ কৰি ৰাজনৈতিকভাৱে হত্যা কৰা হয় ।’
কংগ্ৰেছে গৌৰৱ গগৈক নগাঁৱৰ পৰিৱৰ্তে যোৰহাটতত প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত তেওঁ কয় যে গৌৰৱ গগৈক কংগ্ৰেছ দলে ৰাজনৈতিকভাৱে শেষ কৰাৰ চক্ৰান্ত কৰাৰ বাবে নগাঁৱৰ পৰিৱৰ্তে যোৰহাটতত প্ৰাৰ্থিত্ব দিছে । ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই আজি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদৰ পৰা তেওঁক বহিষ্কাৰ কৰে ।
লগতে পঢ়ক :গোলাঘাটত উষ্ম আদৰণি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক