অসম

assam

ETV Bharat / state

সজাগতা সভাই মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে : আৰক্ষী বিষয়া সঞ্জীৱ ফুলকোঁৱৰ

Anti Narcotics Awareness Meeting: বাঘজানত মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নিচাযুক্ত আৰু মাদক দ্ৰব্য বিৰোধী সজাগতা সভা সম্পন্ন । বাঘজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সভাত ৰাইজক ইয়াৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান জনায় ।

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:06 AM IST

Prohibition Week in Tinsukia
বাঘজানত মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী পালন

বাঘজানত মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী পালন

তিনিচুকীয়া, ৬ ফেব্ৰুৱাৰী: জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্র ৰাজ্যতে পালন কৰা হৈছে নিচাযুক্ত আৰু মাদক দ্ৰব্য বিৰোধী সজাগতা সভা সপ্তাহ । ইয়াৰ সমান্তৰালভাৱে সোমবাৰে তিনিচুকীয়া জিলাৰ বাঘজান চাৰিআলিত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষেধাজ্ঞা পৰিষদ, অসমৰ অধীনত তিনিচুকীয়াৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয় ।

মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত নিচাযুক্ত আৰু মাদক দ্ৰব্য বিৰোধী সজাগতা সভাত এটা অঞ্চলত কেনেকৈ ড্ৰাগছ তথা মাদক দ্ৰব্যমুক্ত কৰি এক সুস্থ পৰিৱেশ গঢ়ি তুলিব পাৰি সেই সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় । বাঘজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ ফুলকোঁৱৰে সভাত উপস্থিত থাকি মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৷

তেওঁ কয় যে এনে ধৰণৰ সজাগতামূলক সভাৰ জৰিয়তে গ্ৰাম্য অঞ্চলত গঢ়ি উঠা ব্যাপক মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে । লগতে এনে ধৰণৰ কাৰ্যসূচীসমূহক জিলাখনৰ চুকে-কোণে থকা সকলো গ্ৰাম্য অঞ্চলতে গ্ৰহণ কৰিব পাৰিলে এখন সুস্থ আৰু সবল সমাজ গঠনত যথেষ্ট সহায়ক হয় ৷

তিনিচুকীয়াৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সমন্বয়ক ৰীতামণি হাজৰিকাই মাদক দ্ৰব্য ড্ৰাগছ, কানি, মদ, ভাং আদি বিভিন্ন ধৰণৰ নিচাৰ পৰা কি কি ক্ষতি হোৱাৰ লগতে কেনে ধৰণৰ পৰিস্থিতি উদ্ভৱ হয় সেই সম্পৰ্কে আলোকপাত কৰি ৰাইজক সজাগ কৰে । ইপিনে মনোৰোগ বিভাগৰ চিকিৎসক বিশ্বজিৎ বৰঠাকুৰে মাদক দ্ৰব্য আৰু ড্ৰাগছ সেৱনৰ পৰা হ'ব পৰা বিভিন্ন বেমাৰ-আজাৰ সম্পৰ্কে ৰাইজৰ আগত বক্তব্য আগবঢ়ায় ।

উক্ত সভাত উপস্থিত থাকে তিনিচুকীয়াৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সংশ্লিষ্ট বিষয়-ববীয়াসকল, বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ বাঘজান-দীঘলটৰং শাখাৰ সুজিত তাঁতী, বাঘজান চাৰিআলি গাঁওৰক্ষী বাহিনীৰ সভাপতি আনন্দ লাকৰা, বাঘজান গাঁও মহিলা গাঁওৰক্ষী বাহিনীৰ নায়িকা মৌচুমী মৰাণ আৰু বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ বিষয়-ববীয়াসকল ।

লগতে পঢ়ক :আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিব্রুগড় জিলা আছুৰ সাধাৰণ অধিবেশন

ABOUT THE AUTHOR

...view details