গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: প্ৰথম দুটা পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিচত সোণাপুৰৰ কচুতলীত পুনৰ আৰম্ভ হৈছে উচ্ছেদ । পুৱাৰে পৰা উচ্ছেদত ব্যস্ত হৈ পৰিছে আৰক্ষী-প্ৰশাসনৰ লোকসকল । উচ্ছেদৰ বাবে পুৱাৰে পৰা সোণাপুৰৰ কচুতলীত সষ্টম হৈ আছে বিশাল আৰক্ষী-অৰ্ধসামৰিক বাহিনী । তৃতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে সুসজ্জিত হৈ প্ৰশাসনে আৰম্ভ কৰিছে বেদখলকাৰীৰ বিৰুদ্ধে অভিযান ।
কচুতলীত উচ্ছেদ
যোৱা ১২ ছেপ্টেম্বৰৰ দৰে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সষ্টম হৈছে প্ৰশাসন । প্ৰশাসনৰ তৰফৰ পৰা পোৱা তথ্য অনুসৰি ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰ জাননী প্ৰেৰণ কৰি বেদখলকৃত ভূমি এৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে লোকসকলক । মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযানত মুঠ ৬ টা স্থানৰ ২৫০ টা অবৈধভাৱে নিৰ্মিত বাসগৃহত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে ।
বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত সোণাপুৰৰ কচুতলীত পুনৰ আৰম্ভ উচ্ছেদ (ETV Bharat) উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা
উল্লেখ্য যে উচ্ছেদৰ মাজতে উচ্ছেদিত পক্ষই ন্যায়ালয়ৰ কাষ চাপিছিল । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আছিল যে ম্যাদী পট্টাৰ ভূমিত ৩০ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰাখিব লাগিব উচ্ছেদ অভিযান ৷ তাৰ মাজতেই দেখা গৈছে ৩০ ছেপ্টেম্বৰৰ পূৰ্বেই মঙলবাৰৰ পৰা সোণাপুৰৰ কচুতলীত কঠোৰ নিৰাপত্তা বেষ্টনীৰ সৈতে উচ্ছেদৰ বাবে উপস্থিত হ'ল প্ৰশাসনৰ লোকসকল ৷ অৱশ্যে ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি প্ৰশাসনে এই উচ্ছেদ চলোৱাৰ বাবে আগবাঢ়িছে নে নতুনকৈ কচুতলীৰ আন অঞ্চলত উচ্ছেদৰ পদক্ষেপ লৈছে সেয়া প্ৰশাসনে এতিয়াও স্পষ্ট কৰা নাই ৷
মন কৰিবলগীয়া যে, কচুতলীত যোৱা ৯ ছেপ্টেম্বৰৰ পৰা প্ৰশাসনে জনজাতীয় বেল্টৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল ৷ কিন্তু অভিযানৰ চতুৰ্থ দিনা আৰক্ষী-প্ৰশাসনৰ ওপৰত উচ্ছেদিতৰ অপ্ৰৰোচিত আক্ৰমণত ২২ গৰাকী প্ৰশাসন আৰু আৰক্ষীৰ লোক আহত হৈছিল ৷ ঘটনাত মুঠ ১৩ গৰাকী লোক আহত হোৱাৰ লগতে ২ উচ্ছেদিত লোকৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছিল ।
এই ঘটনাই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সূত্ৰপাতৰ সৃষ্টি কৰিছিল । আদালতৰ সাময়িক স্থগিতাদেশৰ পিচতো কচুতলীত পুনৰ মঙলবাৰে ৬ টা স্থানৰ মুঠ ২৫০ টা আৱাসত উচ্ছেদ অভিযান আৰম্ভ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক :উচ্ছেদক লৈ পুনৰ আদালতত মুখথেকেচা অসম চৰকাৰৰ, সোণাপুৰৰ উচ্ছেদত আদালতৰ স্থগিতাদেশ - Eviction Drive in Sonapur
সোণাপুৰৰ কচুতলীৰ পৰা বেদখলকাৰীৰ উভতনি যাত্ৰা - Sonapur Eviction incident