গুৱাহাটী:প্ৰত্যেক বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ বিভিন্ন পদক । দেওবাৰে উদযাপন কৰা হ'ব দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে ৰাষ্ট্ৰপতিৰ আৰক্ষীৰ বিভিন্ন পদক ঘোষণা কৰা হৈছে । দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসম আৰক্ষীৰো কেইবাগৰাকীও বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পদক ।
এই পদকসমূহ গণৰাজ্য দিৱসৰ দিনা প্ৰদান কৰা হ’ব । অসমৰ এগৰাকী আৰক্ষী বিষয়াই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰাৰ লগতে ১৪ গৰাকীলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক । উল্লেখ্য যে গণৰাজ্য দিৱস উপলক্ষে দেশৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনমূলক সেৱাসমূহৰ বাবে বিভিন্ন পদক প্ৰদান কৰা হয় ।
এই পদকসমূহৰ ভিতৰত আছে বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিৰ পদক, বীৰত্বৰ পদক, বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আৰু উৎকৃষ্ট সেৱা পদক । এইবাৰ অসমৰ মুঠ ১৫ গৰাকী বিষয়া আৰু জোৱানে পদক লাভ কৰিছে । ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে । আনহাতে ১৪ গৰাকীলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক ।