অসম

assam

লখিমপুৰ মেডিকেলৰ চৌহদত ৰাখিবলৈ নিদিয়ে ব্যক্তিগত খণ্ডৰ এম্বুলেন্স, চালকৰ প্ৰতিবাদ - Protest in Lakhimpur

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 10:56 PM IST

Protest in Lakhimpur : লখিমপুৰ মেডিকেল কলেজৰ চৌহদত ৰাখিবলৈ নিদিয়ে ব্যক্তিগত খণ্ডৰ এম্বুলেন্স । সোমবাৰে চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা আয়ুক্ত আৰু মেডিকেল কলেজৰ অধ্যক্ষক স্মাৰকপত্র প্ৰদান কৰে ।

AMBULANCE DRIVER PROTEST
এম্বুলেন্সৰ চালকৰ প্ৰতিবাদ (ETV Bharat Assam)

লখিমপুৰ, 5 আগষ্ট : লখিমপুৰ মেডিকেল কলেজৰ চৌহদত ৰাখিবলৈ নিদিয়ে ব্যক্তিগত খণ্ডৰ এম্বুলেন্স ৷ যাৰ বাবে সোমবাৰে ব্যক্তিগত খণ্ডৰ এম্বুলেন্স চালক সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা আয়ুক্তক তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ তেওঁলোকে চিকিৎসা মহাবিদ্যালয়খনৰ অধক্ষ্যকো এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

ব্যক্তিগত খণ্ডৰ এম্বুলেন্স চালকৰ প্ৰতিবাদ (ETV Bharat Assam)

এম্বুলেন্স চালকসকলে স্মাৰকপত্ৰত উল্লেখ কৰে যে তেওঁলোকে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ এম্বুলেন্স ক্ৰয় কৰি তাৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে ৷ জিলাখনৰ বিভিন্ন স্থানৰ পৰা সংকটজনক ৰোগীক মেডিকেল কলেজলৈ অনা বা মেডিকেল কলেজখনৰ পৰা উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ পঠোৱা ৰোগীক অনা নিয়াৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বুলি উল্লেখ কৰে স্মাৰকপত্ৰত ৷ চৰকাৰী এম্বুলেন্সৰ সীমিত সংখ্যক উপলব্ধ হোৱাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ এম্বুলেন্সসমূহে তাৰ জোৰা মাৰি আহিছিল ৷ ৰোগী অথবা ৰোগীৰ আত্মীয়সকল এই ক্ষেত্ৰত উপকৃত হৈছিল ৷

কিন্তু সম্প্ৰতি তেওঁলোকৰ এম্বুলেন্সসমূহ মেডিকেল কলেজৰ চৌহদৰ পৰা আতঁৰাই পঠোৱা হৈছে ৷ মেডিকেল কলেজৰ চৌহদত ব্যক্তিগত খণ্ডৰ এম্বুলেন্স ৰাখিবলৈ দিয়া নাই ৷ যাৰ বাবে সংকটত পৰিছে এম্বুলেন্সৰ চালকসকল ৷ সেয়েহে তেওঁলোকে আজি নগৰৰ ত্যাগ ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰি নগৰৰ মাজেৰে এম্বুলেন্স লৈ এক সমদলো বাহিৰ কৰে ৷ মেডিকেল কলেজৰ অধ্যক্ষ আৰু জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি তেওঁলোকৰ এম্বুলেন্সসমূহ মেডিকেল কলেজৰ চৌহদত ৰখাৰ বাবে এক আস্থান দিবলৈ তেওঁলোকে দাবী জনায় ৷

লগতে পঢ়ক :তিনিবছৰে বন্ধ লখিমপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ: মেৰামতিত বিসংগতিৰ অভিযোগ - LAKHIMPUR DISTRICT LIBRARY

ABOUT THE AUTHOR

...view details