অসম

assam

মৰিগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতি; ৱাৰ্ড কমিছনাৰ-চক্ৰ বিষয়াৰ অভিযোগ-প্ৰতি অভিযোগ - Morigaon Circle Office Controversy

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 9:15 AM IST

Morigaon Circle Office Controversy : মৰিগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ লাট মণ্ডলৰ কৰ্মকাণ্ডই ধোঁৱাচাঙত তুলিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি । বুধবাৰে তেনে ঘটনাৰ বাবেই মৰিগাঁও ৰাজহ চক্ৰ বিষয়া আৰু পৌৰসভাৰ প্ৰাক্তন পৌৰপতিৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় । মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি অৰ্চনা বৰদলৈৰ বিৰুদ্ধে মৰিগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ।

Morigaon Circle Office Controversy
মৰিগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ (ETV Bharat Assam)

মৰিগাঁও, ১ আগষ্ট : মূৰৰ পৰা গেলিছে মৰিগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয় । এহেজাৰ টকা নিদিলে মণ্ডলে ফাইল আগবঢ়াই নিদিয়ে চক্ৰ বিষয়ালৈ। মণ্ডলৰ দাবী, প্ৰতিটো চহীৰ বাবে বিষয়াক দিব লাগে এহেজাৰ টকাকৈ ।

মৰিগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ (ETV Bharat Assam)

এই অভিযোগ আমাৰ নহয়, এই অভিযোগ মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ ভুক্তভোগী ৰাইজৰ । মন কৰিবলগীয়া যে বুধবাৰে অনুৰূপ অভিযোগ সন্দৰ্ভত মৰিগাঁও ৰাজহ চক্ৰ বিষয়া মণিকা বৰগোঁহাইৰে মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি অৰ্চনা বৰদলৈ তৰ্ক-বিৰ্তকত লিপ্ত হয় ।

আনহাতে, ধনদাবী কৰা বিষয়ক লৈ দুয়োগৰাকী মহিলাৰ মাজত সূত্ৰপাত হোৱা বিৰ্তকই দাঙি ধৰিছে মৰিগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত অব্যাহত থকা দুৰ্নীতিৰ কথা । শেহতীয়া অভিযোগ অনুসৰি, মৰিগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ শ্যামল ডেকা নামৰ এজন লাট মণ্ডলে এজন লোকৰ পৰা কামৰ বাবদ ১৫ৰ হাজাৰ টকা দাবী কৰে ।

এই বিষয়ে কথা পাতিবলৈ চক্ৰ বিষয়া কাৰ্যলয়লৈ আহে মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা বৰ্তমান পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ অৰ্চনা বৰদলৈ । কিন্তু মৰিগাঁও চক্ৰ বিষয়া আৰু বিজেপিৰ নেত্ৰীগৰাকীৰ মাজত এই বিষয়ক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেৱল সিমানেই নহয়, বিষয়টো গৈ মৰিগাঁও সদৰ থানা পায় ।

ঘটনা সন্দৰ্ভত মৰিগাঁও ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে কয়, "বিজেপি নেত্ৰী তথা ৱাৰ্ড কমিছনাৰগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত শাৰীৰিকভাৱে অপদস্থ কৰিছে ।" আনহাতে বুধবাৰৰ ̊ঘটনা সন্দৰ্ভত বিজেপি নেত্ৰী তথা ৱাৰ্ড কমিছনাৰ অৰ্চনা বৰদলৈ আৰু ভুক্তভোগী ব্যক্তিগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

উল্লেখ্য যে মৰিগাঁও ৰাজহ চক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত তথা ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তক বহুকেইগৰাকী সমাজ সচেতন ব্যক্তিয়ে অভিযোগ কৰিছে । আনহাতে, চৰকাৰী কাৰ্যালয়টোত অব্যাহত থকা ভয়াৱহ ছবি এখন বুধবাৰে দুগৰাকী মহিলাৰ বাক-বিতণ্ডাই পোহৰলৈ আনিছে । ইয়াৰ দ্বাৰা এটা কথা প্ৰকাশ পাইছে যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিক অংগুষ্ঠ প্ৰদৰ্শন কৰি দুখীয়া জনতাক এতিয়াও হাৰাশাস্তি কৰি অহা হৈছে ।

লগতে পঢ়ক :পবিতৰাৰ হাতীৰ গচকত মৃত্যু মাউতৰ: বন বিভাগৰ ৪ লাখ টকাৰ এককালীন সাহায্য - Pobitora Wildlife Sanctuary
লগতে পঢ়ক :কলঙত উটি গ'ল ১২ বছৰীয়া কিশোৰ : উদ্ধাৰৰ পৰিৱৰ্তে পাৰত ৰৈ ভিডিঅ'হে কৰিলে যুৱকে - Missing In River

ABOUT THE AUTHOR

...view details