বৰপেটা, ১২ আগষ্ট:ৰাজ্য় চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰাপ্য চাউল প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । কিন্তু ইয়াৰ মাজতে একাংশ সুলভ মূল্যৰ দোকানৰ দোকানীয়ে চলাই আছে ব্যাপক দুৰ্নীতি । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ দিনতেই চৰকাৰী সুলভ মূল্যৰ দোকানীয়ে চলাই আহিছে ব্যাপক দুৰ্নীতি-অনিয়ম ।
আনকি জে'ললৈ যাবলৈ ভয় নকৰে একাংশ সুলভ মূল্যৰ দোকানীয়ে ৷ এক গ্ৰামকৈ চাউল কমকৈ দিলেই জে'ললৈ যাব লাগিব বুলি ৰেচন কাৰ্ডৰ দোকানীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা সকীয়নিও যেন এতিয়া অসাৰ প্ৰতিপন্ন হৈছে ৷ মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশৰ পিচতো হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণৰ নামত ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে বৰপেটা জিলাৰ একাংশ সুলভ মূল্যৰ দোকানী ৷
পৰিয়ালৰ এজন সদস্যৰ বিপৰীতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৫ কিলোগ্ৰাম চাউলৰ পৰিৱৰ্তে সুলভ মূল্যৰ দোকানীয়ে প্ৰদান কৰি আহিছে ৪ কিলোগ্ৰামকৈ চাউল । দুখীয়া-দৰিদ্ৰৰ পেটৰ ভাতমুঠি কাঢ়ি নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ বাউসী সমবায় সমিতিৰ অন্তৰ্গত কাঁহিকুছি গাঁৱত ৷
চাউল কমকৈ দিয়াৰ অভিযোগ:
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে প্ৰতিমাহে বিনামূলীয়া চাউল যোগান ধৰি আহিছে চৰকাৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি, বৰপেটা জিলাৰ কাঁহিকুছি গাঁৱৰ সুলভ মূল্যৰ দোকানী মহম্মদ মিজানুৰ ৰহমানে তেওঁৰ দোকানৰ অধীনৰ হিতাধিকাৰীসকলক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণতকৈ ১ কিলোগ্ৰাম চাউল কমকৈ দি আহিছে ৷ দোকানীজনৰ এনে কাণ্ডক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাইজে এই বিষয়ে প্ৰশ্ন কৰিলে দোকানী মহম্মদ মিজানুৰ ৰহমানে ভয়-ভাবুকি প্ৰদান কৰাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক:বিনামূলীয়া চাউলৰ নামত হিতাধিকাৰীৰ মাজত বিলাইছে প্লাষ্টিকৰ চাউল - Plastic Rice Controversy