মৰিগাঁও, ৭ আগষ্ট:মেট্ৰিক অথবা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত নহয়, এইবাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাত উঠিছে নকলৰ উজান । কেৱল ছাত্ৰ-ছাত্ৰী তথা পৰীক্ষাৰ্থীয়েই যে নকল কৰিছে তেনে নহয়, স্বয়ং শিক্ষকৰূপী পৰীক্ষ নিৰীক্ষকেই নকল যোগান ধৰাৰ দৃশ্য বন্ধী হৈছে মহাবিদ্যালয়খনৰ চিচিটিভি কেমেৰাত । ইয়াৰ পিচতে মৰিগাঁৱত বিভিন্ন মহলত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ।
পৰীক্ষাগৃহত ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীয়ে যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে, ইয়াৰ বাবে সাধাৰণতে নিয়োগ কৰা হয় নিৰীক্ষক । পিছে মৰিগাঁও চহৰৰ এখন মহাবিদ্যালয়ৰ পৰীক্ষাগৃহত থকা গোপন কেমেৰাত বন্দী হৈ ৰ'ল সেই নিৰীক্ষকৰে অভাৱনীয় কৰ্ম-কাণ্ড । এই কৰ্ম-কাণ্ড প্ৰত্যক্ষ কৰিলে সকলোৰেই চকু কপালত উঠিব । মহাবিদ্যালয়ৰ চিচিটিভি কেমেৰাত আবদ্ধ দৃশ্যটোলৈ প্ৰত্য়ক্ষ কৰিলে এজন নিৰীক্ষক আৰু আনজন বহিঃনিৰীক্ষকক দেখা যায় ।
মহাবিদ্যালয়খনৰ প্ৰবক্তাই যোগান ধৰে নকল:
উত্থাপিত অভিযোগ অনুসৰি, মহাবিদ্যালয়খনৰ একাংশ প্ৰবক্তাই নিৰীক্ষকৰ ৰূপত পৰীক্ষাগৃহত থাকি আত্মীয়ক নকল যোগান ধৰাৰ লেখীয়া কাৰ্য সংঘটিত কৰিছে । মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত নামতহে হয় পৰীক্ষা, পৰীক্ষাগৃহত মুকলিকৈ ম’বাইল, কিতাপ, নকল লৈ লিখি থাকে পৰীক্ষাৰ্থীয়ে । এইবোৰ কৰিবলৈ সুবিধা কৰি দিয়ে মহাবিদ্যালয়খনৰে একাংশ প্ৰবক্তাই ।