অসম

assam

ETV Bharat / state

খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো দুৰ্ভাগ্যজনক: চুতীয়া ছাত্র সন্থা

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদানৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ যোৰহাটত বিশাল গণ সমাবেশ ।

Protest in Jorhat
যোৰহাটত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 5:54 PM IST

যোৰহাট : সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বানত সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাটৰ মাজমজিয়াত বিশাল গণ সমাবেশ । বিজেপি চৰকাৰে চুতীয়া জাতিৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিম বুলি কৰা চৰম প্ৰতাৰণাৰ প্ৰতিবাদত যোৰহাটৰ ৰজাবাৰীত সোমবাৰে এই বিশাল গণ সমাবেশ অনুষ্ঠিত হয় ।

গণ সমাবেশত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ নেতৃবৰ্গই কয়, "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৈছিল আমাক শাসনৰ ভাৰ দিয়ক, আমি ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিম । আমি ভাৰ দিলো, কিন্তু আমাৰ ছয় জনগোষ্ঠীৰ সমস্যা সমস্যা হৈয়ে থাকিল ।"

যোৰহাটত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ চুতীয়া ছাত্র সন্থাৰ মুকলি প্ৰশ্ন, "ছয় জনগোষ্ঠীক জনজাতিকৰণ যদি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নকৰে, তেতিয়াহ'লে বিজেপি চৰকাৰক পুলিয়ে-পোখালিয়ে উভালি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব ।"

ইয়াৰ উপৰি কয়, "ডাবল ইঞ্জিনৰ চৰকাৰে ছয় জনগোষ্ঠীক জনজাতি কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰা নাই আৰু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাটো দুৰ্ভাগ্যজনক । এই সংগ্ৰাম বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে ।"

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীসকলে পৰিভ্ৰমী পক্ষীৰ দৰে অসমলৈ আহি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয় যদিও এই প্ৰক্ৰিয়া আগবঢ়া নাই । ইয়াৰ উপৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে অহা বছৰৰ ২৫ জানুৱাৰী পৰা চুতীয়া ছাত্র সন্থাই আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ পিছতেই এতিয়া সমগ্ৰ অসমত প্ৰতিবাদৰ জোৱাৰ উঠাৰ লগতে বন্ধ দৰে কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে । দবা-শংখ-বৰকাঁহ বজাই এই সমাবেশত ৰজাঘৰীয়াক হুংকাৰ প্ৰদান চুতীয়া ছাত্র সন্থাৰ বিষয়ববীয়াৰ লগতে বৃহত্তৰ চুতীয়া ৰাইজৰ ।

এই বিশাল গণ সমাবেশত চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে জিলা পৰ্যায়ৰ সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত জুই
লগতে পঢ়ক :জুৱেল ওৰামৰ মন্তব্যত ক্ষোভত জ্বলিছে মৰাণ সংগঠন, প্ৰতিবাদৰ মাজতে জ্বলিল

ABOUT THE AUTHOR

...view details