ধেমাজি, ৯ ফেব্ৰুৱাৰী:ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে সুৰাৰ বিপণি আৰু ৱাইন বাৰৰ সংখ্যা ৷ ধেমাজি জিলাতো ক্ৰমান্বয়ে এনে বিপণিৰ সংখ্যা বৃদ্ধি পাইছে । পিছে সংশ্লিষ্ট বিভাগে গোপন বুজাবুজিৰে উপযুক্ত যাৱতীয় নথিপত্ৰ পৰ্যবেক্ষণ নকৰাকৈয়ে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধেমাজিত ৷ এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়াই এনে জালিয়াতিৰ অভিযোগ উত্থাপন কৰি ধেমাজি জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে ৷
উত্থাপিত অভিযোগ মতে, বিগত ২০১৯ চনতে Govt Sanction Letter No Ex-244/2019/49 dated Dispur, the 23th October 2019 যোগে ধেমাজি জিলা মাছখোৱাৰ বৰপাক নৈকোষৰ মিন্টুৰাজ কামান নামৰ লোকজনে জিলা সংশ্লিষ্ট বিষয়াৰ সৈতে বুজাবুজিৰে সম্পূৰ্ণ ভুৱা নথিপত্ৰ দাখিল কৰি সুৰাৰ বাৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ সংগঠনটোৱে তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য মতে মিন্টুৰাজ কামানৰ পিতৃ নৱ কামানৰ মাছখোৱা পথলিয়াল মেপৰ ১নং গ্ৰাম সভা ম্যাদী পট্টা ৭৪১ নং দাগত মাছখোৱা চাৰিআলিত ৭৪১ নং দাগ মাটি দেখুৱাই বিলাতী সুৰাৰ ব্যৱসায়িক প্ৰতাষ্ঠান খুলিবৰ বাবে ২ কঠা মাটি আছে বুলি ভুৱা শপতনামা প্ৰস্তুত কৰি দাখিল কৰিছিল ৷ সেইদৰে প্ৰস্তুত কৰিছিল ভুৱা জমাবন্দী ৷