অসম

assam

ETV Bharat / state

কা বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ

AJYCP protest: ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । কা বাতিলৰ দাবীৰে তেজপুৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ প্ৰতিবাদ । ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

AJYCP protest
কা বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:41 PM IST

কা বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ

তেজপুৰ, ৫ মাৰ্চ :অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মঙলবাৰে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে তেজপুৰতো কা ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলা সমিতিয়ে । শোণিতপুৰ জিলা সমিতিয়ে তেজপুৰৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ পৰা শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায় ।

এই আইন অসাংবিধানিক ,অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক বুলি আখ্যা দিয়ে সংগঠনটোৰ নেতাসকলে । ইফালে এই আইন বলবৎ হ'লে অসমীয়া জাতিটো অস্তিত্বৰ সংকটত পৰিব বুলিও আশংকা কৰে সংগঠনটোৰ নেতাসকলে । অসমীয়া জাতিধ্বংসী এই আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আইনখন বাতিলৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি ন্যায়িক যুজঁ অব্যাহত ৰাখিছে । কিন্তু লোকসভা নিৰ্বাচনত একমাত্ৰ ভোটৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে দেশৰ ন্যায় ব্যৱস্থাৰ সংবিধানক অৱজ্ঞা কৰি অবৈধভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলবৎ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি সংগঠনটোৱে অভিযোগ কৰে ।

প্ৰতিবাদত অংশ লৈ সংগঠনটোৰ জ্যেষ্ঠ নেতা জিতু তালুকদাৰে কয় যে বৰ্তমানেও উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত গোচৰ বিবেচনাধীন হৈ আছে । তেনে অৱস্থাত চৰকাৰে আইনখন বলবৎ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে বহুবাৰ গোচৰটো সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া স্বত্বেও চৰকাৰে এই নিৰ্দেশনা অৱমাননা কৰি আহিছে বুলি অভিযোগ কৰিছে সংগঠনটোৰ নেতাসকলে । সেয়েহে কা বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

লগতে পঢ়ক :কা নামানো শ্ল'গানেৰে উত্তাল নগাঁও; সষ্টম আৰক্ষী

ABOUT THE AUTHOR

...view details