মৰাণ, ১২ মাৰ্চ:লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাৰ্চৰ পৰাই সমগ্ৰ দেশত 'কা' বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পিচত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল । সকলো ধৰ্ণা প্ৰতিবাদক গুৰুত্বহীন কৰি সোমবাৰৰ পৰা দেশজুৰি কা বলৱৎ কৰিলে চৰকাৰে । দেশত 'কা' বলৱৎ হোৱা পাছতে ডিব্ৰুগড়ৰ পৰা অসম জাতীয় পৰিষদে আৰম্ভ কৰিলে অসমৰ অস্তিত্ব ৰক্ষা যাত্ৰা । অসমীয়া জাতীয় জীৱনৰ সকলো স্বাভিমান ভৰিৰে মোহাৰি অসমত 'কা' জাপি দিয়া হৈছে বুলি মন্তব্য় কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যেতি গগৈয়ে ।
কেইবাশ দলীয় কৰ্মীক লগত লৈ অসম জাতীয় পৰিষদে 'কা' ৰ বিৰোধিতাৰে ডিব্ৰুগড়ত উলিয়ালে "অসমৰ অস্তিত্ব ৰক্ষা যাত্ৰা" । ডিব্ৰুগড় বৰপথাৰ খেলপথাৰৰ পৰা আমোলাপট্টী লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিশাল সমদল উলিয়াই অজাপে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অজাপৰ সভাপতি লুৰীণজ্যেতি গগৈকে ধৰি দলটোৰ কেইবাজনো কেন্দ্ৰীয় নেতাই । অসমৰ অস্তিস্ত ৰক্ষা যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।