অসম

assam

ETV Bharat / state

গো-মাংস নিষিদ্ধৰ আঁৰৰ ৰহস্য বুজাই দিলে লুৰীণজ্যোতি গগৈয়ে - ASSAM BEEF CONTROVERSY

গো-মাংস নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ আঁৰত চৰকাৰৰ কেইবাটাও লক্ষ্য জড়িত হৈ আছে ! সেইবোৰ কি কি ? বিৰোধী নেতা লুৰীণজ্যোতি গগৈয়ে কৰিলে বাখ্যা ।

Assam Beef Controversy
গো-মাংস নিষিদ্ধৰ আঁৰৰ ৰহস্য খুলি ক'লে লুৰীণজ্যোতি গগৈয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 7:39 AM IST

Updated : Dec 6, 2024, 8:06 AM IST

মৰাণ :শেহতীয়াকৈ অসম চৰকাৰে কেবিনেটত গো-মাংস সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্তৰ কথা উল্লেখ কৰি কৈছিল যে হোটেল, ৰেস্তোৰাঁ আৰু ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । বিজেপি নেতা-কৰ্মীয়ে আদৰণি জনালেও বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়া দেখা গৈছে ।

বিজেপিৰ লক্ষ্য !

গো-মাংস নিষিদ্ধৰ আঁৰৰ ৰহস্য খুলি ক'লে লুৰীণজ্যোতি গগৈয়ে (ETV Bharat Assam)

অসম চৰকাৰৰ গো-মাংস নিষিদ্ধ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । নাহৰকটীয়াত সংবাদ মাধ্যমৰ সন্মুখত লুৰীণজ্যোতি গগৈয়ে কয়,"সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিৰ জৰিয়তে ২০২৬ৰ নিৰ্বাচন যাতে পাৰ হ'ব‌ পাৰি, তাৰ কাৰণে বিজেপিয়ে চূড়ান্ত পৰ্যায়ত মানুহৰ মনত সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছে ।"

গৰু ছিণ্ডিকেট চক্ৰক শক্তিশালী কৰা

লুৰীণজ্যোতি গগৈয়ে লগতে কয়,"গো-মাংস নিষিদ্ধ কৰাৰ লগে লগে গৰুৰ ছিণ্ডিকেট চক্ৰ আৰম্ভ হৈ শক্তিশালী হৈ উঠিব । গৰু ছিণ্ডিকেটৰ লগত চৰকাৰী যন্ত্ৰৰ লগতে বিজেপিৰ নেতা-কৰ্মী জড়িত । এই গৰু ছিণ্ডিকেটৰ জৰিয়তে ২০২৬ৰ নিৰ্বাচনৰ বাবে ধন আহৰণৰ চিন্তা কৰিছে বিজেপিয়ে । দেশত গো-মাংস ৰপ্তানি কৰা ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে চান্দা লয় ।

চামগুৰিত গো-মাংসৰে ভোজভাত

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয়,"চামগুৰিৰ নিৰ্বাচনত বিজেপি দলে গো-মাংস বিতৰণ কৰাৰ লগতে গো-মাংসৰে ভোজভাত খুৱাই নিৰ্বাচনী বৈতৰণী পাৰ হ'ল । যাৰ ভিডিঅ' এতিয়া ৰাইজৰ হাতে হাতে আছে । তেওঁলোকে এতিয়া কৈছে এয়া পাপ কাম । গতিকে পাপ কৰি বিজেপিয়ে প্ৰায়শ্চিত কৰিব খুজিছে নে ছিণ্ডিকেট চলাই ২০২৬ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ'ব খুজিছে ?"

ব্যৰ্থ চৰকাৰ

কেবিনেটৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি তেওঁ কয়,"চৰকাৰে মূল মৌলিক কাম কৰিব পৰা নাই । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই । পেট্ৰ'ল, ডিজেল, গেছৰ চিলিণ্ডাৰৰ দাম কমাব পৰা নাই । অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিব পৰা নাই চৰকাৰে । সেয়ে বিজেপিয়ে সাম্প্ৰদায়িক মেৰুকৰণৰ অস্ত্ৰ হিচাপে এতিয়া গো-মাংসক ব্যৱহাৰ কৰিছে ।

লগতে পঢ়ক :ওম্ফা পূজাতো গো-মাংস নিষিদ্ধ হ'ব নেকি ? প্ৰশ্ন আব্দুল খালেকৰ

Last Updated : Dec 6, 2024, 8:06 AM IST

ABOUT THE AUTHOR

...view details