মৰাণ, 1 ছেপ্টেম্বৰ:ৰাজ্যত পুনৰ আৰম্ভ হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ লগতে জনজাতিকৰণৰ দাবীত আন্দোলন । ৰাজ্যত অসমীয়া-অনা অসমীয়াৰ প্ৰসংগ আৰম্ভ হোৱাৰ পাছতে যেন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে তৎপৰ হৈছে দল-সংগঠন । বিশেষকৈ শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ অধিক সংখ্যকতে মিঞা মুছলমান জড়িত থকা বুলি হোৱা চৰ্চা তথা খোদ মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ পাছতে মিঞা মুছলমানক উজনি অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবীত সোঁচ্চাৰ হৈছে একাংশ লোকৰ লগতে দল-সংগঠন ।
ইয়াৰ সমান্তৰালভাৱে জনজাতিকৰণৰ দাবীকলৈও টাই আহোমকে ধৰি আন জনগোষ্ঠী সমূহ তৎপৰ হোৱা পৰিলক্ষিত হৈছে । জনজাতিকৰণৰ দাবীত বছৰৰ পাছত বছৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল ।
শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেইয়া কাৰ্যকৰী নকৰাত সাম্প্ৰতিক পৰিস্থিতিত যেন জনজাতিকৰণৰ অধিক প্ৰয়োজনীয়তা অনুভৱ কৰি একত্ৰিত সংগ্ৰামৰ বাবে আগবাঢ়ি আহিছে টাই আহোমৰ দল-সংগঠন সমূহে । আজি ঐতিহাসিক চৰাইদেউৰ সোণাৰিত টাই আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চই জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰ ওপৰত বিশেষ সভা অনুষ্ঠিত কৰে ।
টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত কাৰ্যপন্থা গ্ৰহণ কৰাৰ লক্ষ্যৰে সোণাৰিত আজি টাই আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চই আলোচনাত মিলিত হয় । সভাত জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰ ওপৰত আলোচনা কৰা হয় । টাইপা, আটাছু, আহোম গণ মঞ্চ, আহোম জাতীয় মহাসভা, আহোম সভা, উজনি অসম সুৰক্ষা সমিতিৰ লগতে ভালেকেইটা আহোম সংগঠনে অংশগ্ৰহণ কৰা এই বিশেষ সভাত মিঞা মুছলমান প্ৰসংগৰ পৰা জনজাতিকৰণৰ বিষয়ত আলোচনা কৰে । ইয়াৰ পাছতে সংবাদমেল সম্বোধন কৰি এলানি কাৰ্যসূচী ঘোষণা কৰে ।
কি কয় আহোম জনগোষ্ঠীৰ ঐক্য মঞ্চই সংবাদমেলত: