বঙাইগাঁও, ১১ মাৰ্চ: বহু প্ৰতীক্ষাৰ অন্তত অগপ দলে ঘোষণা কৰিলে দুই লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ সেই অনুসৰি বৰপেটা লোকসভা সমষ্টিত অগপ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বঙাইগাঁও বিধানসভা সমষ্টিৰ ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে । অগপ দলৰ শীৰ্ষ নেতৃত্বৰ এই ঘোষণাৰ পাচত অগপৰ বঙাইগাঁও জিলা কাৰ্যালয়ত দেখা পোৱা নগ’ল কোনো ধৰণৰ উৎসাহ ৷ কাৰ্যালয়ত দেখা নগ’ল এজনো কৰ্মকৰ্তা, নুফুটিল ফটকা ৷ ইয়াৰ বিপৰীতে জিলা কাৰ্যালয়ত এটা তলা ওলমিহে থকা পৰিলক্ষিত হ’ল ৷
উল্লেখ্য যে, বঙাইগাঁও বিধানসভা সমষ্টিৰ ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীক লোকসভা নিৰ্বাচনক প্ৰাৰ্থিত্ব প্ৰদানক লৈ সন্তুষ্ট নহয় সমষ্টিবাসী ৷ ৰাইজে বিচৰা নাছিল তেওঁলোকৰ আপোন নেতা ফণীভূষণ চৌধুৰী দিল্লীলৈ যাওক । বিধায়কগৰাকীৰ প্ৰাৰ্থিত্ব প্ৰদানৰ কথা ওলোৱাৰ পাচতেই জিলাখনত সৃৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ প্ৰতিবাদমুখৰ হৈ পৰিছিল ৰাইজ ৷ আনকি বিধায়ক ফণীভূষণ চৌধুৰীয়ে সমষ্টি এৰি দিল্লীলৈ যাবলৈ বিচৰা নাছিল ৷ প্ৰাৰ্থী তালিকা ঘোষণাৰ দুদিন পূৰ্বে আমবাৰীস্থিত দলীয় কাৰ্যালয়ত উপস্থিত হৈ দলৰ নেতাৰ আগত তেওঁ এই বিষয়ে উল্লেখ কৰে ৷