অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচন শেষ নোহোৱালৈ নগাঁৱত এইবোৰ কাম কৰিব নোৱাৰিব !

Assam Assembly Bye election 2024: নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

By ETV Bharat Assamese Team

Published : 9 hours ago

Assam Assembly Bye election 2024
উপ-নিৰ্বাচন শেষ নোহোৱালৈ নগাঁৱত এইবোৰ কাম কৰিব নোৱাৰিব ! (ETV Bharat)

নগাঁও :নগাঁও জিলাৰ অন্তৰ্গত ৮৮ নং চামগুৰি বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ জিলাখনতে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি যোৱা ১৫ অক্টোবৰৰ পৰাই বলবৎ হৈছে ।

উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ উদ্দেশ্যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নগাঁৱৰ জিলা আয়ুক্ত তথা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে সমগ্র জিলাখনতে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

নিষেধাজ্ঞাসমূহ এনেধৰণৰ-

এই নিষেধাজ্ঞা অনুসৰি, ৰাজনৈতিক দল বা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ দ্বাৰা জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ বিষয়াৰ পূৰ্ব-অনুমতি অবিহনে নিৰ্বাচনী প্ৰচাৰ বা অন্যান্য কাৰ্যকলাপৰ উদ্দেশ্যে সমাগম, শোভাযাত্ৰা, ৰাজহুৱা সভা অনুষ্ঠিত কৰাতো নিষিদ্ধ কৰা হৈছে ।

উপ-নিৰ্বাচন শেষ নোহোৱালৈ নগাঁৱত এইবোৰ কাম কৰিব নোৱাৰিব ! (ETV Bharat)

তদুপৰি কৰ্তৃপক্ষৰ পূৰ্ব-অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত ৫ জন বা তাতকৈ অধিক লোকৰ কোনো সমাৱেশ, যিকোনো মেলা বা মেলাৰ আয়োজন কৰাও নিষিদ্ধ কৰা হৈছে । পূৰ্ব অনুমতি লৈ চলোৱা যিকোনো নিৰ্বাচনী প্ৰচাৰ নিশা ১০ বজাৰ ভিতৰত সমাপ্ত হ'ব লাগিব ।

উচটনিমূলক, সাম্প্ৰদায়িক, ৰাষ্ট্ৰ বিৰোধী বা জাতীয়তা বিৰোধী ভাষণ বা শ্ল'গান, আপত্তিজনক তথা বিভিন্ন বৰ্ণ, ভাষিক বা ধৰ্মীয় গোট বা সম্প্ৰদায়ক আঘাত কৰিব পৰা বিষয়বস্তুৰে তৈয়াৰী বেনাৰ, পোষ্টাৰ বা দেৱাল-লিখন প্ৰদৰ্শনকে ধৰি অকৰ্তৃত্বশীল নিৰ্বাচনী কাৰ্যসূচীৰ বাবে বাহনৰ ব্যৱহাৰ, ব্যক্তি, দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নগদ বা বস্তুগতভাৱে যিকোনো উদ্দেশ্যৰ বাবে অনুদান সংগ্ৰহ, আগ্নেয়াস্ত্ৰ, বিস্ফোৰক সামগ্ৰী বা অন্যান্য বিপজ্জনক অস্ত্ৰ কঢ়িয়াই নিয়াটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।

নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অনুজ্ঞাপত্ৰপ্ৰাপ্ত আগ্নেয়াস্ত্ৰ নিকটৱৰ্তী আৰক্ষী থানাত জমা কৰিবলৈও একেটা নিৰ্দেশনাতে জনোৱা হৈছে ।

এই ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব-

অৱশ্যে আইন প্ৰয়োগকাৰী কৰ্মী, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী বিষয়া বা চৰকাৰী কৰ্তব্যত নিয়োজিত নিৰ্বাচন আয়োগৰ কৰ্মচাৰী, পূজাস্থলীত ধৰ্মীয় সমাৱেশ আদিৰ ক্ষেত্ৰত সমাৱেশৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব । এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী জাননী নিদিয়ালৈকে প্ৰযোজ্য হৈ থাকিব ।

লগতে পঢ়ক :উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ বিজেপিৰ

লগতে পঢ়ক :সাংসদপত্নীক প্ৰাৰ্থিত্ব কিয় ? ক্ষোভত অগপ এৰিলে বঙাইগাঁৱৰ জিলা সভাপতি-সাধাৰণ সম্পাদকে

ABOUT THE AUTHOR

...view details