অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত পত্নীক লগ কৰিবলৈ যোৱা আদিবাসী ছাত্ৰ নেতা সন্ধানহীন - ADIVASI STUDENTS LEADER MISSING

Dibrugarh missing case : অন্ধপ্ৰদেশত সন্ধানহীন আদিবাসী ছাত্ৰ সন্থাৰ বামুণবাৰী আঞ্চলিক সমিতিৰ সভাপতি ।

Dibrugarh missing case
অন্ধপ্ৰদেশত সন্ধানহীন আদিবাসী ছাত্ৰনেতা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 8:31 PM IST

মৰাণ :কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ গৈ প্ৰায়ে অসমৰ বিভিন্ন প্ৰান্তৰ লোক সন্ধানহীন হৈছে । লগতে একাংশই নিৰ্যাতনৰ সন্মুখীন হোৱাৰ খবৰ প্ৰকাশ পাই আহিছে । এনেবোৰ খবৰে অসমৰ ৰাইজক ব্যথিত কৰাৰ সময়তে পুনৰ বহিঃৰাজ্যত সন্ধানহীন হ'ল ডিব্ৰুগড় চাহ জনগোষ্ঠীয় সংগঠনৰ নেতা ।

বহিঃৰাজ্যত আদিবাসী ছাত্ৰ সন্থাৰ বামুণবাৰী আঞ্চলিক সমিতিৰ সভাপতি অমীৰ তিৰ্কী সন্ধানহীন হোৱাত পৰিয়ালৰ সদস্য়সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । কেৰেলাত কৰ্মৰত পত্নীক লগ কৰাৰ লগতে নিজেও কাম কৰাৰ উদ্দেশ্যে বহিঃৰাজ্যলৈ ঢাপলি মেলিছিল ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ২ নং জামুগুৰিৰ অমীৰ তিৰ্কী । কেৰেলালৈ ৰে'লেৰে গৈ থকা অৱস্থাত আদবাটতে সন্ধানহীন হৈ পৰে লোকজন ।

অন্ধপ্ৰদেশত সন্ধানহীন আদিবাসী ছাত্ৰনেতা (ETV Bharat Assam)

পৰিয়াল লোকে এই প্ৰসংগত উল্লেখ কৰা অনুসৰি যোৱা শনিবাৰে তেজপুৰত চাকৰিৰ ইন্টাৰভিউ দিবলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু তেজপুৰলৈ নগৈ কেৰালালৈ যোৱা বুলি পৰিয়ালক পিছত অৱগত কৰে অমীৰ তিৰ্কীয়ে । তেওঁ বহু বছৰ ধৰি কেৰালাত কৰ্মৰত পত্নীক লগ কৰা আৰু নিজেও কাম কৰিব বুলি ফোনত জনাইছিল । ইয়াৰ এদিন পাছৰে পৰা মোবাইল বন্ধ হৈ পৰে অমীৰৰ ।

ৰে'লত একেলগে যোৱা টিংখাঙৰে এজন যুৱকে অন্ধপ্ৰদেশৰ বিজয়বাড়া জংচনৰ পৰা অমীৰ তিৰ্কীক বিচাৰি পোৱা নাই বুলি পৰিয়ালক অৱগত কৰাত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত । আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও অমীৰক বিচাৰি যোগাযোগ কৰিছে বিভিন্ন ঠাইত ।

ইতিমধ্যে এই সন্দৰ্ভত বামুণবাৰী আৰক্ষী চকীত অৱগত কৰিছে পৰিয়ালৰ লোকে । কোনো লোকে সন্ধান পালে 7994038594 অথবা 7086375619 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বামুণবাৰী আঞ্চলিক সমিতিৰ সভাপতি অমীৰ তিৰ্কী অতি উদ্যমী আছিল । তেনে এজন সচেতন আদিবাসী নেতা ৰে'লত গৈ থকা অৱস্থাত সন্ধানহীন হোৱা ঘটনাই চিন্তিত কৰিছে সকলোকে । দুটা সন্তানৰ পিতৃ অমীৰ তিৰ্কীক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে আদিবাসী ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:উত্তৰাখণ্ডৰ পৰা নিৰুদ্দেশ অসমৰ মেধাৱী ছাত্ৰ - Students Missing

কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে সন্ধানহীন টিংখাঙৰ যুৱক - ASSAM YOUTH MISSING IN ODISHA

ABOUT THE AUTHOR

...view details