গুৱাহাটী, 2 জুন:প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই প্ৰেমিকাক হত্যাৰ চেষ্টা চলোৱা নৃশংস ঘটনাটোৰ অভিযুক্ত অৱশেষত পৰিল আৰক্ষীৰ জালত ৷ পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ এখন হোটলত আত্মগোপন কৰি আছিল অভিযুক্ত ৷ অভিযুক্তজন অমিত ভৌমিক বুলি জানিব পৰা গৈছে ৷ গোপন সূত্ৰৰ পম খেদি শনিবাৰৰ নিশা বহিঃৰাজ্যৰ এখন হোটেলৰ পৰা দিছপুৰ থানাৰ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অভিযুক্ত অমিতক লৈ ইতিমধ্যে দিছপুৰ থানাত উপস্থিত হৈছে অভিযানকাৰী আৰক্ষীৰ দল ।
উল্লেখ্য যে, 30 মে'ৰ নিশা মহানগৰীৰ বেলতলা চাৰ্ভেৰ আস্থা এপাৰ্টমেণ্টৰ 3য় মহলাত সংঘটিত হৈছিল এটা ছুৰিকাঘাতৰ ঘটনা । উত্থাপিত অভিযোগ অনুসৰি প্ৰেম প্ৰত্যাখান কৰাৰ বাবে চুৰিৰে হানি-খুচি হত্যা কৰাৰ চেষ্টা চলোৱা হৈছিল প্ৰেমিকাক । বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত প্ৰেমিকা ঘটনাটোৰ অভিযুক্ত অমিত ভৌমিকৰ সহকৰ্মী আছিল বুলি জানিব পৰা গৈছে ।
কিন্তু বিগত কিছু দিন ধৰি ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনাৰ অভিযুক্ত অমিতক এৰাই চলিবলৈ ধৰাৰ বাবে উন্মাদপ্ৰিয় হৈ প্ৰেমিক অমিত ভৌমিকে ছুৰীৰে হানি-খুচি হত্যা কৰাৰ চেষ্টা চলাই বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে অমিতৰ বিৰুদ্ধে ।