চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ : অতি শোচনীয় গৃহত চলি আছে ৰাজ্যৰ ৭ শতাধিক বিদ্যালয় - Education Department of Assam - EDUCATION DEPARTMENT OF ASSAM
Assam Govt Education Sector : মেৰামতি অবিহনেই ৰাজ্যৰ ৮৯০ খন বিদ্যালয়ৰ গৃহত চলি আছে পাঠদান কার্য । প্ৰয়োজনীয় ১,১৪০ টা বিজ্ঞানাগাৰ গৃহৰ বিপৰীতে নিৰ্মাণ কৰা হৈছে ৫৬১ টা । ৰাজ্যৰ কেইবা হাজাৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা ৫০-তকৈ কম । তিনি সহস্ৰাধিক বিদ্যালয় চলি আছে এজনীয়া শিক্ষকেৰে ।
ৰাজ্যত চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ (ETV Bharat)
গুৱাহাটী, ১৯ জুলাই :চমকপ্ৰদ সাফল্য অৰ্জন কৰা বুলি চৰকাৰে দাবী কৰি অহাৰ বিপৰীতে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ প্ৰকৃত স্বৰূপটো সময়ে সময়ে উন্মোচিত হৈ আহিছে । ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ নামত চৰকাৰে বিভিন্ন আঁচনিৰে বুজন পৰিমাণ পুঁজি ব্যয় কৰি আহিছে যদিও উন্নত হোৱা নাই আন্তঃগাঁথনি । বৰ্তমান সময়তো ৰাজ্যখনৰ সাতশৰো অধিক বিদ্যালয়ৰ পাঠদান জৰাজীৰ্ণ গৃহত চলি আছে ।
কেৱল সেয়াই নহয়, ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ বহু নিৰাশাজনক দিশ উন্মোচিত হৈছে কেন্দ্রীয় শিক্ষা মন্ত্ৰণালয়ৰ শেহতীয়া এক পর্যালোচনা বৈঠকত । এই বৈঠকৰ যোগেদি শিক্ষা মন্ত্ৰণালয়ে আনকি ৰাজ্যখনৰ শৈক্ষিক মান উন্নত কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ ল'বলৈ অসম চৰকাৰক কঠোৰ নিৰ্দেশ দিবলগীয়া হৈছে ।
উল্লেখ্য যে কেন্দ্রীয় শিক্ষা মন্ত্ৰণালয়ে অলপতে অনুষ্ঠিত কৰা এখন পৰ্যালোচনা বৈঠকত উন্মোচিত হয় ৰাজ্যখনৰ শিক্ষা খণ্ডৰ প্ৰকৃত স্বৰূপ । শিক্ষা মন্ত্ৰণালয়ৰ বৈঠকখনত অসমৰ শিক্ষা বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । বৈঠকত অসমৰ শিক্ষা খণ্ডৰ কেইবাটাও দিশ পোহৰলৈ আহে ।
অসমৰ শিক্ষা খণ্ডৰ শোচনীয় অৱস্থা
অসমৰ প্রাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহৰ গুৰুতৰ মেৰামতিৰ ৯১ শতাংশ কামেই সম্পূর্ণ হোৱা নাই । ৰাজ্যখনৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ৯৭৩ খন বিদ্যালয় গৃহৰ বৃহৎ অংশৰ মেৰামতিৰ প্ৰয়োজন আছে । এই কামৰ বাবে পুঁজি নিৰ্ধাৰণ কৰাৰ পাচতো কেৱল ৮৩ খন বিদ্যালয়ৰহে মেৰামতি সম্পূৰ্ণ হৈছে । ৰাজ্যৰ ৮৯০ খন বিদ্যালয়ৰ গৃহ মেৰামতি অবিহনেই পাঠদান কার্য চলি আছে ।
আনহাতে, সমগ্ৰ শিক্ষাৰ অধীনত ৰাজ্যত ৩,১৫৮ টা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ নিবিদা প্ৰকাশ কৰা হৈছিল । কিন্তু ইয়াৰে ২০ শতাংশ অর্থাৎ ৬২৩ টা শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে । সেইদৰে দীৰ্ঘদিন ধৰি ৰাজ্যৰ ২,৫৩৫ টা অতিৰিক্ত শ্ৰেণীকোঠা আজি পৰ্যন্ত নিৰ্মাণ কৰা হোৱা নাই । ইফালে বৰ্তমান সময়তো ৰাজ্যৰ ৭১৫ খন জৰাজীৰ্ণ গৃহৰ বিদ্যালয় আছে । এই বিদ্যালয়কেইখনৰ গৃহ নতুনকৈ নিৰ্মাণ কৰাটো অত্যন্ত প্ৰয়োজনীয় যদিও সেয়া হৈ উঠা নাই ।
ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত আধাতে শিক্ষা সমাপ্ত কৰা শিক্ষাৰ্থীৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে । প্রাথমিক বিদ্যালয়ত ৬.০২ শতাংশলৈ বৃদ্ধি পাইছে আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ সংখ্যা । ৰাজ্যখনত বর্তমানে ৪৫,৪৯০ খন বিদ্যালয় আছে । ইয়াৰে শতাধিক বিদ্যালয়ত নাই এজনো শিক্ষার্থী । আনহাতে, কেইবা হাজাৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা ৫০ গৰাকীতকৈ কম । ইফালে তিনি সহস্ৰাধিক বিদ্যালয় চলি আছে এজনীয়া শিক্ষকেৰে ।
ৰাজ্যখনৰ শিক্ষা খণ্ডৰ এনে শোচনীয় অৱস্থা দূৰ কৰাৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে অসম চৰকাৰক নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ ৰাজ্যৰ শিক্ষা বিভাগক অধিক সক্ৰিয়তা অৱলম্বন কৰিবলৈ আহ্বান জনায় । ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি যে প্ৰকৃততে কি অৱস্থাত চলি আছে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ।