অসম

assam

ETV Bharat / state

গৰুখুটি প্ৰকল্পৰ পৰিসৰ বৃদ্ধি: এইবাৰ শৰৎকালত গৰুখুটিয়ে ৰাইজক খুৱাব সতেজ পাচলি - Garukhuti Agricultural Project - GARUKHUTI AGRICULTURAL PROJECT

Garukhuti project by Assam Govt: গৰুখুটি প্ৰকল্পত নতুনকৈ সংযোজিত হ’ব তিনিহেজাৰ বিঘা ভূমি ৷ ৰঙালাওৰ গুটি ৰোপণেৰে আনুষ্ঠানিকভাৱে ৰবি শস্যৰ খেতি আৰম্ভ কৰিলে অধ্যক্ষ পদ্ম হাজৰিকাই ৷ জৈৱিক শাক-পাচলি উৎপাদনেৰে গৰুখুটিত খিলঞ্জীয়া যুৱকক নিয়োজিত কৰাৰ প্ৰয়াস ৷

Garukhuti project by Assam Govt
গৰুখুটি প্ৰকল্পৰ পৰিসৰ বৃদ্ধি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 3:53 PM IST

মঙলদৈ, 5 ছেপ্টেম্বৰ: গৰুখুটি ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ এক কৃষি প্ৰকল্প ৷ 2021 চনত ড৹ শৰ্মাৰ মুখ্যমন্ত্ৰিত্বত ৰাজ্যত দ্বিতীয়বাৰলৈ বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই চৰ্চালৈ আহিছিল গৰুখুটিৰ নাম ৷ এই গৰুখুটিত কৃষিপ্ৰকল্প স্থাপনৰ বাবে চলোৱা হৈছিল উচ্ছেদ ৷ চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা বৃহৎসংখ্যক লোকক উচ্ছেদ কৰা হৈছিল সেই স্থানৰ পৰা ৷ উচ্ছেদ কাৰ্যত একাংশই বাধা দিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈও বাধ্য হৈছিল ৷ আৰক্ষীৰ গুলীত নিহত হৈছিল দুজনকৈ সংখ্যলঘু মুছলমান লোক ৷ মানুহ উচ্ছেদ হ’ল, গৰুখুটিত প্ৰকল্প স্থাপন কৰি তাৰ দায়িত্ব অৰ্পণ কৰা হ’ল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক ৷

গৰুখুটি প্ৰকল্পৰ পৰিসৰ বৃদ্ধি (ETV Bharat)

চৰকাৰীভাৱে গৰুখুটি প্ৰকল্পৰ বাবে আঠ হেজাৰ সাতশ বিঘা মাটি আৱন্টন দিয়া হৈছিল যদিও প্ৰথমাৱস্থাত পাঁচ হেজাৰ সাতশ বিঘা মাটিহে প্ৰশাসনে মোকলাই দিব পাৰিছিল ৷ সেই ভূমিতেই বিভিন্ন শস্যৰ খেতিৰে আৰম্ভ হৈছিল গৰুখুটি কৃষি প্ৰকল্প ৷ শেহতীয়াকৈ বাকী থকা তিনি হেজাৰ বিঘা ভূমিও সংযোজন কৰা হ’ল গৰুখুটি প্ৰকল্পৰ সৈতে ৷ বৃহস্পতিবাৰে ইয়াৰে দুহেজাৰ বিঘা ভূমিত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় ৰবি শস্যৰ খেতি ৷

গৰুখুটিত ব্ৰহ্মপুত্ৰৰ দুটাকৈ সুঁতি পাৰ হৈ নতুনকৈ স্থাপন কৰা 6 নং কেম্প আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই । প্ৰকল্পটোত ন-কৈ চহাই তোলা ভূমিত ৰঙালাওৰ বীজ ৰোপণেৰে কৃষিকাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক হাজৰিকাই ৷ প্ৰকল্পটোৰ কাষত বাস কৰি অহা পৰিয়াল আৰু গৰুখুটি প্ৰকল্পৰ কৰ্তৃপক্ষৰ মাজত এক সৌহাদ্যমূলক আলোচনাও অনুষ্ঠিত হয় । এই লোকসকলক কেম্পৰ লগতে কৃষিভূমিৰ অনিষ্ট নকৰিবলৈ আহ্বান জনাই গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই ৷

বিধায়ক পদ্ম হাজৰিকাই সাংবাদিকৰ আগত কয়, ‘‘আমাৰ থলুৱা যুৱকসকলে যাতে চাকৰিৰ বাবে বহিঃৰাজ্যলৈ নগৈ ইয়াতেই সংস্থাপন লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হ’ব গৰুখুটি প্ৰকল্পত ৷ সকলো ঠিকে থাকিলে এইবাৰ গৰুখুটিত উৎপাদিত ফচলে গুৱাহাটীত বজাৰ দখল কৰিব ৷ পথাৰ আৰু বজাৰ দখলৰ যি মন্ত্ৰ তাৰ বাবেই গৰুখুটি প্ৰকল্পই কাম কৰি যাব ৷ নিয়োজিত যুৱকসকলক যাতে উৎপাদিত ফচল বিক্ৰীৰ জৰিয়তে উপযুক্ত পাৰিশ্ৰমিক দিব পৰা যায়, তাৰো ব্যৱস্থা কৰা হ’ব ৷’’

বিধায়কগৰাকীয়ে লগতে কয়, ‘‘গৰুখুটিৰ কাষত থকা লোকসকলক আহ্বান জনোৱা হৈছে, যাতে কেম্প আৰু খেতিৰ কোনো অনিষ্ট সাধন নকৰে ৷ উচ্ছেদিত লোকসকলক সংস্থাপনৰ বাবে প্ৰশাসন আৰু চৰকাৰে ব্যৱস্থা কৰি আছে ৷ অসম চৰকাৰে অসম চুক্তিৰ আধাৰত থলুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ বাবে এই প্ৰকল্প আৰম্ভ কৰিছে ৷ গতিকে যিকোনো প্ৰকাৰে এই প্ৰকল্প হ’বই ৷’’

ইফালে দৰং জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই কয়, ‘‘গৰুখুটি প্ৰকল্পৰ বাবে মুঠ আঠ হেজাৰ সাতশ বিঘা ভূমি আবণ্টন হৈছিল যদিও প্ৰথম অৱস্থাত পাঁচ হেজাৰ সাতশ বিঘা মাটিহে মোকলাই দিব পৰা হৈছিল ৷ এতিয়া বাকী থকা তিনিহেজাৰ বিঘা ভূমি প্ৰকল্পটোক অৰ্পণ কৰা হৈছে ৷ উচ্ছেদিত লোকসকলৰ একাংশক ইতিমধ্যে দলগাঁৱত সংস্থাপন দিয়া হৈছে আৰু বাকী থকা সকলকো শীঘ্ৰেই সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব ৷’’

লগতে পঢ়ক:Gorukhuti Agricultural Project: গৰুখুটি প্ৰকল্পক লৈ অপপ্ৰচাৰ চলোৱা বুলি মন্তব্য অধ্যক্ষ পদ্ম হাজৰিকাৰ

Garukhuti Project: গৰুখুটি কৃষি প্রকল্পৰ বাবে কোটি কোটি টকা খৰছ কৰি অনা ৩০০টা গৰুৰ নাছিল কোনো কাম

ABOUT THE AUTHOR

...view details