অসম

assam

ETV Bharat / state

ৰাজ্যৰ ১৪ জিলাৰ ৮২৩ খন গাঁও এতিয়াও‌ বানৰ কবলত - Assam Flood 2024

Assam Flood Situation : ৰাজ্যত ক্ৰমাৎ কমিছে বানৰ প্ৰকোপ । অৱশ্যে ১৪ খন জিলা বানাক্ৰান্ত হৈ আছে । এই ১৪ খন জিলাৰ ৩৭টা ৰাজহ চক্ৰৰ ৮২৩ খন গাঁৱৰ ৩.৫৫ লাখ লোক বৰ্তমানো বানৰ কবলত ।

Assam Flood Situation
ৰাজ্যৰ ১৪ জিলাৰ ৮২৩ খন এতিয়াও‌ বানৰ কবলত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 12:04 PM IST

গুৱাহাটী, ১৮ জুলাই :ৰাজ্যৰ সামগ্রিক বান পৰিস্থিতিৰ লাহে লাহে উন্নতি ঘটিছে । ৰাজ্যৰ প্ৰায়বোৰ জিলাতে বানৰ প্ৰকোপ কমিবলৈ ধৰিছে । আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যত বানৰ ফলত কোনো লোকৰ মৃত্যুৰ তথ্য লাভ কৰা হোৱা নাই । এই পর্যন্ত বানত মৃত্যু হৈছে ৯৭ গৰাকী লোক ।

১৪ খন জিলা এতিয়াও বানৰ কবলত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা শেহতীয়া তথ্য মতে, ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ক্রমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰাত বিগত ২৪ ঘণ্টাত ৰাজ্যখনত বানাক্রান্ত জিলাৰ সংখ্যা ১৭ খনৰ পৰা ১৪ খনলৈ হ্ৰাস পাইছে । এই ১৪ খন জিলাৰ ৩৭টা ৰাজহ চক্ৰৰ ৮২৩ খন গাঁৱৰ ৩.৫৫ লাখ লোক বৰ্তমানো বানৰ কবলত আছে । বানাক্ৰান্ত এই ১৪ খন জিলা হৈছে গোলাঘাট, ধুবুৰী, কামৰূপ, মৰিগাঁও, গোৱালপাৰা, ডিব্ৰুগড়, ধেমাজি, নগাঁও, কৰিমগঞ্জ, শিৱসাগৰ, কামৰূপ (মহানগৰ), কাছাৰ, যোৰহাট আৰু নলবাৰী ।

এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে কেইবাখনো নদী

আনহাতে, ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো উপনদীৰ জলপৃষ্ঠ বিভিন্ন স্থানত হ্ৰাস পাইছে যদিও ধুবুৰীত ব্রহ্মপুত্র নদী, ধলাইত ৰুকনী নদী আৰু দিচাং নদী নঙলামূৰা ঘাটত বিপদসীমাৰ ওপৰেৰে বৈ আছে । এতিয়াও ৬৬ টা আশ্ৰয় শিৱিৰত বান আক্ৰান্ত সকল আশ্ৰয় লৈ আছে।

এতিয়াও আশ্ৰয় শিবিৰত আছে প্ৰায় ১৩ হাজাৰ লোক

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, বুধবাৰৰ তুলনাত বানত আক্ৰান্তৰ সংখ্যা কিছু হ্রাস পাইছে যদিও এতিয়াও প্রায় ১২,৯৪১ লোক বিভিন্ন আশ্রয় শিবিৰত আছে । আশ্রয় শিবিৰৰ পৰা নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ ক্ষেত্ৰত তেওঁলোক বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে ।

ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, আগন্তুক ২৪ ঘণ্টাত ৰাজ্যৰ অধিকাংশ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে একাংশ জিলাত প্ৰবল বৰষুণ হোৱাৰো পূৰ্বানুমান দিছে গুৱাহাটীৰ বৰঝাৰস্থিত থকা বতৰ বিজ্ঞান কেন্দ্ৰই । এই সময়ছোৱাত ৰাজ্যৰ একাংশ জিলাত ৭ মিলিমিটাৰৰ পৰা‌‌ ১০ মিলিমিটাৰলৈ বৰষুণ‌ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

উল্লেখ্য যে ৰাজ্যত বানৰ প্ৰকোপ কমিলেও বিভিন্ন জিলাত বানাক্রান্ত লোকৰ দুখ-দুৰ্দশাৰ এতিয়াও অন্ত পৰা নাই । আনহাতে, আক্রান্ত লোকসকল বান পৰৱৰ্তী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । যাৰ বাবে বহুত লোক এতিয়াও আশ্ৰয় শিবিৰতে থাকিবলগা হৈছে ।

লগতে পঢ়ক :উন্নত হৈছে বুঢ়া চাপৰিৰ বান পৰিস্থিতি: পুনৰ ঘূৰি আহিছে বন্য জীৱ-জন্তু - Assam Flood 2024
লগতে পঢ়ক :লুইতৰ বুকুত জলকেলি বন্যহস্তীৰ... কেমেৰাত বন্দী হস্তী পৰিয়ালৰ নান্দনিক দৃশ্য - WILD ELEPHANT MANACE

ABOUT THE AUTHOR

...view details