তিনিচুকীয়া, 20 ফেব্ৰুৱাৰী:বৰ্তমানেও কোনো সন্ধান নাই অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লাখনিৰ পৰা অপহৰণ কৰা তিনি অপহৃত শ্ৰমিকৰ ৷ অপহৃত শ্ৰমিক তিনিজন হ’ল জ্ঞান থাপা, লেখক বৰা, চন্দন নাৰ্জাৰী ৷ বৰ্তমান অপহৰণ কাণ্ড সংঘটিত কৰা 36 ঘণ্টা উকলিল যদিও তিনি অপহৃত শ্ৰমিক জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰীৰ আৰক্ষী-প্ৰশাসনে কোনো সন্ধান উলিয়াব পৰা নাই ৷
দেওবাৰে কাহিলীপুৱাতে চাংলাং জিলাৰ ফিনভিৰুৰ পৰা তিনিওজন কয়লাখনিৰ মহৰীক অপহৰণ কৰা হৈছিল ৷ আলফা(স্বাঃ) আৰু NSCN উগ্ৰপন্থীয়ে এই কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ পাছৰে পৰা অপহৃতৰ সন্ধানত ভাৰত-ম্যানমাৰ সীমান্তৰ মানমাওত সেনা-আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
চাংলাঙৰ মানমাওৰ গভীৰ অৰণ্যত উজনি অসমৰ আৰক্ষীৰ মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত অসম আৰু অৰুণাচল আৰক্ষীৰ লগতে অসম ৰাইফলছে চলাইছে যৌথ অভিযান । লগতে এই অভিযানত আছে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপসহ চাংলাং জিলাৰ আৰক্ষী অধীক্ষক ৷