নিউজ ডেস্ক, ৩০ আগষ্ট: বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আৰু স্থায়ী সমাধানৰ দাবীত শুকুৰবাৰে আছুৱে ৰাজ্য়জুৰি সাব্যস্ত কৰে বিক্ষোভ কাৰ্যসূচী ৷ ৰাজ্য়ৰ আন জিলাৰ লগতে তিনিচুকীয়া,লখিমপুৰ,মাজুলী,গোলাঘাট,মৰিগাঁও,নগাঁও আৰু ধেমাজিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অসমক মাহী আইৰ চকুৰে চোৱা বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ দিয়ে ।
তিনিচুকীয়াত চৰকাৰ বিৰোধী শ্লোগান :
আজি তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা আছুৱে তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ৰ পৰা থানা চাৰিআলিলৈ এক সমদল উলিয়াই 'বান-গৰাখহনীয়া সমস্যা সমাধান কৰক', 'বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক' আদি শ্লোগান কৰে ।
প্ৰতিবাদৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সমৰজ্যোতি গোঁহাই আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সত্য বৰগোঁহাইয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, " অসমৰ সম্পদ লুণ্ঠন কৰিলেই নহ’ব,কেন্দ্ৰই অসমৰ সমস্যাসমূহো সমাধান কৰিব লাগিব । বিহাৰ,উত্তৰ প্ৰদেশক বানপানীৰ বাবে বিশেষ অনুদান ঘোষণা কৰিব আৰু অসমে মাত্ৰ আশ্বাস লৈ থাকিব সেয়া কেতিয়াও হ’ব নোৱাৰে ৷ অসমক মাহীআইৰ চকুৰে চোৱা বিজেপি চৰকাৰক ওফৰাই দিয়া হ’ব ৷"
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অতি সোনকালে বানপানী,গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে স্থায়ী সমাধান কৰাৰ দাবী জনায় ৷ লগতে নদীত পানী কম হোৱাৰ সময়তে ততাতৈয়াকৈ ছিগা মথাউৰি আৰু গৰাখহনীয়াসমূহ মেৰামতি কৰিবলৈ দাবী জনায় ।
মাজুলীত বিক্ষোভ কাৰ্যসূচী :
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী সমাধান আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীত আজি মাজুলী জিলা ছাত্র সন্থাই মাজুলীৰ কমলাবাৰীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাজুলী জিলা ছাত্র সন্থাৰ উপদেষ্টা সূৰ্য কুমাৰ ভূঞাই কয়," অসমৰ বানপানীয়ে অসমৰ যি আর্থ-সামাজিক উন্নয়ন ধ্বংস কৰি দিছে । বানপানী আৰু গৰাখহনীয়াই অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, কিন্তু চৰকাৰে তাৰ বাবে একো প্ৰদক্ষেপ গ্ৰহণ কৰা নাই । বিহাৰ আৰু গুজৰাটত ধুমুহাতো চৰকাৰে বিভিন্ন পেকেজ ঘোষণা কৰে,কিন্তু অসমক মাহী আইৰ চকুৰে চাই চৰকাৰে ।"
গোলাঘাট জিলা ছাত্ৰ সন্থাৰ গৰ্জন:
আজি গোলাঘাট জিলা ছাত্ৰ সন্থায়ো বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয় সন্মুখত 'জলসম্পদ বিভাগ হাই হাই', 'অসম চৰকাৰ হাই হাই' আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে কয়," বানপানীৰ সমস্যাৰ বাবে অসমৰ জনসাধাৰণ যথেষ্ট পৰিমাণে সমস্যাৰ সম্মুখীন হৈ আহিছে । লগতে বহু লোকৰ মৃত্যু হৈছে । অসমত অলপতে হৈ যোৱা বানপানীত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল য'ত গোলাঘাট জিলাৰ দেৰগাঁৱত বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকক বানপানীয়ে উটুৱাই নিছিল । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বানপানীৰ স্থায়ী সামাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । গৰাখহনীয়া সামাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু চৰকাৰে কৰা নাই । গতিকে চৰকাৰে অতি সোনকালে বানপানী আৰু গৰাখহনীৰ স্থায়ী সামাধানৰ ব্যৱস্থা কৰিব লাগে ।"