অসম

assam

ETV Bharat / state

‘কা’ বিৰোধী প্ৰতিবাদত উত্তাল ৰাজ্য : সৰ্বত্ৰে জ্বলিছে প্ৰতিলিপি - CAA implementaion in Assam - CAA IMPLEMENTAION IN ASSAM

Protest against CAA : ‘কা’ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল আছু । ৰাজ্যজুৰি আছুৱে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা জাননীৰ প্ৰতিলিপি দাহ কৰি প্ৰদৰ্শন কৰে বিক্ষোভ । ‘‘প্ৰশ্ন সংখ্যাৰ নহয়, প্ৰশ্ন স্বাভিমানৰ । ‘কা’ৰ বিৰুদ্ধে ৰাজপথৰ প্ৰতিবাদৰ লগতে সমান্তৰালভাৱে চলি থাকিব আইনী যুঁজ ।’’

Protest against CAA
কা’ৰ বিৰোধী প্ৰতিবাদত উত্তাল ৰাজ্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 3:50 PM IST

নিউজ ডেস্ক, ১৬ জুলাই : নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ । ৰাজ্যজুৰি আজি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা জাননীৰ প্ৰতিলিপি দাহ কৰে ।

কা’ৰ বিৰোধী প্ৰতিবাদত উত্তাল ৰাজ্য (ETV Bharat Assam)

গুৱাহাটীত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ :

গুৱাহাটী মহানগৰীত 'কা'ৰ জাননী দাহ কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । শ্বহীদ ন্যাসৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় । উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'কা'ৰ জৰিয়তে আঠজন লোকেহে আবেদন জনোৱাৰ কথা সদৰী কৰি 'কা' আন্দোলনৰ পাঁচজন শ্বহীদৰ প্ৰসংগ উল্লেখ কৰিছিল ।

এই সন্দৰ্ভত আছুৰ সভাপতিগৰাকীয়ে কয় যে ‘কা’ অসমত অপ্ৰাংগিক, অদৰকাৰী, অলাগতীয়াল সেই কথাটো স্পষ্ট হৈছে ৷ গতিকে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আশ্বস্ত কৰাব লাগে যে ‘কা’খন অসমৰ বাবে অপ্ৰাংগিক আৰু যাৰ বাবে অসমৰ পৰা ‘কা’খন উঠাই দিব লাগে । এইটো মুখ্যমন্ত্ৰীলৈ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান বুলি সদৰী কৰি তেওঁ কয় যে এফালে আঠজনে আবেদন কৰাৰ কথা কৈছে আৰু আনফালে অসম আৰক্ষীক নিৰ্দেশ দিছে যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত লোকসকলৰ গোচৰসমূহ ন্যায়াধিকৰণলৈ পঠিয়াব নালাগে ।

আনকি ন্যায়াধিকৰণত চলি থকা গোচৰসমূহ হ'ল্ড কৰি ৰখাৰ কথাও মুখ্যমন্ত্ৰীয়ে কৈছে বুলি তেওঁ সদৰী কৰে । অৰ্থাৎ চৰকাৰে দুৱাৰ মুকলি কৰি দিলে আৰু এই কথা অসমৰ ৰাইজে উপলব্ধি কৰা ভাল বুলি উল্লেখ কৰি তেওঁ কয় যে 'কা'ৰ জৰিয়তে আবেদন কৰাৰ সংখ্যাটো মুখ্যমন্ত্ৰীয়ে কৈ আছে যদিও ২০১৪ চনৰ আগত যিসকলৰ গোচৰ চলি আছে তেওঁলোকৰ বাবে দুৱাৰ মুকলি হৈ গ'ল । তেওঁলোক অবৈধ হিন্দু বাংলাদেশী হ'লেও 'কা'ৰ যোগেদি আবেদন কৰি নাগৰিকত্ব লাভ কৰিব পাৰিব । সেই ৰাস্তাটো যে খোল খাই গ'ল সেই কথাটো মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কোৱা উচিত ।

তেওঁ লগতে কয় যে প্ৰশ্ন সংখ্যাৰ নহয়, প্ৰশ্ন স্বাভিমানৰ । ঐতিহাসিক অসম আন্দোলন আৰু 855 গৰাকী শ্বহীদৰ বিনিময়ত অসম চুক্তি হৈছিল । সেই চুক্তিৰ ভিত্তিত এটা ভিত্তিবৰ্ষ দিয়া হৈছিল । অসমে ১৯৭১ চনলৈ বোজা বহন কৰি লৈছিল আৰু সেই ভিত্তিবৰ্ষত চুক্তি কৰিছিল ।

অসম চুক্তি হোৱাৰ তিনিটা দশকৰ পিচত পুনৰ ৪৩ বছৰৰ বোজা জাপি দিব বিচৰাত ৰাজপথৰ আন্দোলন হৈছে । এই আন্দোলনত পাঁচজনকৈ শ্বহীদ হৈছে । তাৰ পিচত মুখ্যমন্ত্ৰীয়ে সংখ্যাৰ হিচাপ দেখুৱাই কোনো লাভ নাই বুলি মন্তব্য কৰি তেওঁ কয় যে এইটো স্বাভিমান আৰু অস্তিত্বৰ প্ৰশ্ন । তেওঁ স্পষ্টভাৱে কয় যে ১৯৭১ চনৰ পিচৰ এজনৰো বোজা অসমে কোনো কাৰণতে নলয় ।

'কা'ৰ বিৰুদ্ধে ৰাজপথৰ প্ৰতিবাদ আৰু আইনী যুঁজ সমান্তৰালভাৱে চলি থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । আজি ৰাজ্যজুৰি জাননী দাহ কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ।

লখিমপুৰত প্ৰতিবাদ :

লখিমপুৰ নগৰতো লখিমপুৰ জিলা ছাত্ৰ সন্থাই চৰকাৰী অধিসূচনাৰ প্ৰতিলিপি দাহ কৰে । বিজেপি গ’ বেক, বিজেপি লেই লেই ছেই ছেই, কা আমি নামানো, কা বাতিল কৰক আদি শ্ল’গান দি জিলা ছাত্ৰ সন্থাই প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চৰকাৰে জাৰি কৰা অধিসূচনাৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিলিপি দাহ কৰি জিলাখনৰ ছাত্ৰ নেতাসকলে কয় যে অসমীয়া জাতি, ভাষা, কলা-সংস্কৃতি ধ্বংস কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে নামেনে । অসমৰ খিলঞ্জীয়া ৰাইজৰ কথা নাভাবি ৰাইজৰ মূৰত মাধমাৰ দি ৰাইজৰ স্বাধীনতা হৰণ কৰি চৰকাৰখনে কা বলপূৰ্বকভাৱে জাপি দিয়া বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শৰৎ বৰুৱা, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অভিজিৎ বুঢ়াগোহাঁই, মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক লিটু গগৈসহ ভালেসংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ :

মৰিগাঁও জিলা ছাত্ৰ সন্থায়ো সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ‘‘ কথাই প্ৰতি খিলঞ্জীয়া অসমীয়াৰ অধিকাৰৰ কথা আওৰাই থকা বিজেপি শাসনাধিষ্ট অসম চৰকাৰে যেতিয়ালৈকে ‘কা’ৰ পক্ষত থাকিব তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব ৷’’ এই মন্তব্য সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথৰ । মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মৰিগাঁও চহৰতো ‘কা’বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । হাতে হাতে ‘কা’বিৰোধী শ্ল’গান সম্বলিত বেনাৰ-পোষ্টাৰ লৈ চৰকাৰবিৰোধী শ্ল’গানৰে মুখৰিত হয় মৰিগাঁও চহৰ । ইয়াৰ পিচতে প্ৰতীকিৰূপত দাহ কৰে অসম চৰকাৰে বিদেশীৰ পক্ষত প্ৰচাৰ কৰা অধিসূচনা । আছুৰ নেতাই কয় যে অসম চৰকাৰে ‘কা’ বলৱৎ কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা মানুহৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধীকৰণলৈ নপঠিয়াবলৈ অধিসূচনা জাৰি কৰিছে । ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ।

অবৈধ বিদেশীক নৰেন্দ্ৰ মোদী, অমৃত শ্বাহৰ গাঁৱলৈ লৈ যাবলৈ সকীয়নি :

অসম চৰকাৰে ‘কা’ বলবৎ কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰ পূৰ্বে অসমলৈ অহা মানুহৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধীকৰণত নপঠিয়াবলৈ অধিসূচনা জাৰি কৰিছে ৷ ইয়াৰ বিৰুদ্ধে তিনিচুকীয়াতো সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই প্ৰতিলিপি দাহ কায্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ পৰা বাহিৰ কৰা সমদলৰ সময়ত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ‘কা’ আমি নামানো, ধৰ্মৰ ভিত্তিত ৰাজনীতি নকৰিব, এই অধিসূচনা বাতিল কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদৰ জৰিয়তে ‘কা’ বাতিল নোহোৱা পৰ্যন্ত আছুৱে ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ সমান্তৰালভাৱে চলাই যাব বুলি উল্লেখ কৰে জিলা আছুৰ সভাপতি সত্য বৰগোহাঁয়ে ৷ আনহাতে, অবৈধ বিদেশীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহৰ নিজৰ গাঁৱলৈ লৈ যাবলৈ সকীয়নি প্ৰদান কৰে জিলা আছুৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগে ৷

লগতে পঢ়ক :পুনৰ অসম উত্তাল কৰাৰ হুংকাৰ অখিল গগৈৰ

লগতে পঢ়ক :পাঁচজন মানুহৰ মৃত্যুৰ ভাল হিচাব এটা এদিন অসমত হ’ব : মুখ্যমন্ত্ৰী

লগতে পঢ়ক :'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details