অসম

assam

ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুৱাৰ মুকলি কৰিছে: উৎপল শৰ্মা - AASU FELICITATION PROGRAMME - AASU FELICITATION PROGRAMME

Tihu AASU : নলবাৰীৰ টিহুত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত ৷ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠকে উদ্বোধন কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে আছুৰ সভাপতি উৎপল শৰ্মা, উপ সভাপতি ভৱজিৎ বেজবৰুৱাকে ধৰি জিলা আছুৰ নেতৃত্ব ৷

AASU FELICITATION PROGRAMME
চৰকাৰক সমালোচনা আছুৰ সভাপতিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 9:16 PM IST

নলবাৰী, 21 জুলাই: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা টিহু অঞ্চলৰ শিক্ষাৰ্থীসকলক দেওবাৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাই জনাই অভিনন্দন ৷ টিহু মহাবিদ্যালয়ৰ কালিচৰণ ডেকা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ এই অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷

টিহুত আছুৰ অভিনন্দন অনুষ্ঠান (ETV Bharat Assam)

অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ সভাপতি শৰ্মাই কয় যে, চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণৰ সন্দৰ্ভত সদায়ে সদৌ অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰি আহিছে ৷ চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ দুৱাৰ মুকলি কৰি দিয়া বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আছুৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক:সকলো পদত অসমৰ থলুৱা যোগ্য যুৱক-যুৱতীক নিয়োগ কৰিব লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - AASU Felicitation Programme

প্ৰায় 24 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰে এতিয়াহে এক লাখ চাকৰি দিব ৷ ৰাজ্যৰ নিবনুৱাৰ সংখ্যা অনুযায়ী দিবলৈ চৰকাৰৰ হাতত চাকৰি নাই বুলি সদৰী কৰে উৎপল শৰ্মাই ৷ হিতাধিকাৰী সৃষ্টি কৰাৰ চিন্তা বাদ দি সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰক আহ্বান জনাই আছুৰ সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠকে উদ্বোধন কৰা অভিনন্দন অনুষ্ঠানটোৰ আঁত ধৰে দীপাংকৰ দাস আৰু চিন্ময় দাসে । টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৌশিক তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানটোত টিহু অঞ্চলৰ প্ৰায় দুশগৰাকী শিক্ষাৰ্থীক আছুৰ তৰফৰ পৰা কিতাপৰ টোপোলা, অভিনন্দন পত্ৰ আদিৰে অভিনন্দন জনোৱা হয় ।

একেটা অনুষ্ঠানত জিলা আছু নেতৃত্বৰ লগতে উপস্থিত থাকে নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, নলবাৰী জিলা অসম সেনাৰ আহ্বায়ক বিৰাজ গোস্বামী, কন্দৰ্প শৰ্মা আদি ৷

লগতে পঢ়ক:নিৰ্বাচনৰ সময়ত ডাবল ইঞ্জিনৰ চৰকাৰ বানৰ সময়ত ছিংগল ইঞ্জিন হৈ পৰে: ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - AASU FELICITATION PROGRAMME

ABOUT THE AUTHOR

...view details