অসম

assam

ETV Bharat / state

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ, ৰাজ্যজুৰি আপৰ উত্তাল প্ৰতিবাদ - Protest Against Kejriwals Arrest

Protest Against Kejriwals Arrest: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত ৰাজ্যত আপ, অসমৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদস্থলী ৷

AAP, Assam protests in various parts of Assam demanding Arvind Kejriwal's immediate release
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ, ৰাজ্যজুৰি আপৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 2:11 PM IST

Updated : Mar 22, 2024, 2:34 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ, ৰাজ্যজুৰি আপৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী/গোলাঘাট, 22 মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালক ইডিৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আপৰ দিল্লী গোটৰ আহ্বায়ক গোপাল ৰায়ে বৃহস্পতিবাৰে দেশজুৰি প্ৰতিবাদৰ আহ্বান জনাইছিল । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে ৰাজ্যজুৰি আপ, অসমে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

শুকুৰবাৰে আপ, অসমৰ নেতা-কৰ্মীয়ে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আপে গুৱাহাটীৰ গণেশগুৰিৰ পৰা দিছপুৰ সচিবালয়লৈ প্ৰতিবাদী সমদল‌ উলিয়ায় যদিও আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আদবাটতে বেৰিকেড দি বাধা প্ৰদান কৰে । যাৰ ফলত গণেশগুৰিত আৰক্ষী আৰু আপৰ প্ৰতিবাদকাৰীৰ‌ মাজত হতাহতিৰ সৃষ্টি হয় ।

প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ এই বাধাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । আৰক্ষীয়ে জোৰ কৰি প্ৰতিবাদকাৰীসকলক আটক কৰি চচললৈ লৈ যায় । যাৰ ফলত ৰাজপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।‌

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিবাদী জনাই আম আদমী পাৰ্টীৰ গোলাঘাট জিলা সমিতিয়েও গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । আম আদমী পাৰ্টীৰ নেতাগৰাকীৰ শীঘ্ৰে মুক্তিৰ দাবীত শুকুৰবাৰে আম আদমী পাৰ্টীৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত বেজবৰুৱা চাৰিআলিত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচীৰ ৷ লগতে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি ।

আম আদমী পাৰ্টীৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পুলিন গগৈয়ে এই সন্দৰ্ভত কয়, "অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিয় ইডি লগোৱা হোৱা নাই ? কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু কেলেংকাৰীৰ সৈতে জড়িত । হিমন্ত বিশ্ব শৰ্মাই সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এহেজাৰ কোটি টকাৰ কেলেংকাৰীৰ লগতে আৰু বহুতো কেলেংকাৰীৰ লগত জড়িত তথাপিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইডি লগোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।"

প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, গৃহমন্ত্ৰী অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি চৰকাৰ নিপাত যাওক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, ইডিয়ে বৃহস্পতিবাৰৰ সন্ধিয়া কেজৰিৱালক আবকাৰী নীতিৰ সৈতে সম্পৰ্কিত ধন আত্মসাতৰ গোচৰত গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচতে দেশজুৰি আপে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:দিল্লীত আপৰ প্ৰতিবাদ; কেইবাগৰাকী মন্ত্ৰীসহ দলীয় নেতাক আটক আৰক্ষীৰ - Arvind Kejriwal arrested

Last Updated : Mar 22, 2024, 2:34 PM IST

ABOUT THE AUTHOR

...view details