গুৱাহাটী,২৯ জুন :দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত শেহতীয়াকৈ চিবিআইয়ে পুনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে । লক্ষণীয়ভাৱে চি বি আয়ে বিগত দুবছৰ ধৰি মুখ্যমন্ত্ৰী কেজৰিৱালক তথাকথিত সুৰা নীতি কেলেংকাৰী গোচৰত অভিযুক্ত কৰা নাছিল । কিন্তু যেতিয়াই অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিব বুলি প্ৰায় নিশ্চিত হৈছিল তেতিয়াই চি বি আইয়ে গোচৰটোত পুনৰ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে । কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আম আদমি পাৰ্টীয়েও দেশজুৰি প্ৰতিবাদ আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে শনিবাৰে দলটোৱে দেশৰ বিভিন্ন ৰাজ্যত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ গুৱাহাটীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো শতাধিক আম আদমি পাৰ্টীৰ কৰ্মকৰ্তাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে দলৰ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । কেজৰিৱালক মুক্তি দিয়া, ই ডি আৰু চি বি আইৰ অপব্যৱহাৰ বন্ধ কৰা আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।