যোৰহাট, 3 আগষ্ট :কেইটামান দিনৰ পিচতে দেশে উদযাপন কৰিব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস আড়ম্বপূৰ্ণভাৱে উদযাপন কৰিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে অসম চৰকাৰে ৷ ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাট জিলা প্ৰশাসনো ৷
তাৰ মাজতে এক দুখলগা ছবিয়ে প্ৰত্যেকগৰাকী লোকৰে হৃদয় সেমেকাই তুলিব ৷ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন বিষয় আলোচনাৰ স্থল তথা য’ত মহামানৱ মহাত্মা গান্ধীয়ে জিৰণি লৈছিল আৰু অসম পটভূমিৰ স্বাধীনতাৰ সম্পৰ্কে খতিয়ান লৈছিল, সেই গান্ধী আশ্ৰম আজি এৰাবাৰীলৈ পৰিণত হ’ল ৷ হৈ পৰিল ভূতবাংলা !
যোৰহাটৰ সৰ্বাইবন্ধা কৃষ্ণ নগৰত ১৯৩৬ চনত হৰিজন বন্ধু আৰু স্বাধীনতা সংগ্ৰামী কৃষ্ণনাথ শৰ্মাই উক্ত আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল ৷ বৰ্তমান পোহনীয়া জীৱ-জন্তুৱে আশ্ৰয় লোৱা গান্ধী আশ্ৰমখনৰ চাৰিওফালে কেৱল জংঘল আৰু জংঘল ৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থান, কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰাৰ উপৰিও দেশৰ স্বাধীনতাৰ লগত সম্পৰ্ক থকা স্থানক পূৰ্ণাংগৰূপত সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে চৰকাৰে ৷ কিন্তু ৰাজ্যত এনে বহু স্থান আছে যিসমূহ বিভাগীয় তথা চৰকাৰৰ অৱহেলাৰ বাবে ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে ভূত বাংলালৈ পৰিণত হৈছে ৷
দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত যি স্থান লোকাৰণ্য হৈ পৰিছিল, সেই স্থান এতিয়া পৰিণত হৈছে এৰাবাৰীলৈ ৷ তেনে এক ঐতিহাসিক স্থান হৈছে যোৰহাটৰ সৰ্বাইবন্ধাৰ ‘গান্ধী আশ্ৰম’ ৷ যি ‘গান্ধী আশ্ৰম’ক জনা যায় দ্বিতীয় সৱৰমতি আশ্ৰম’ হিচাবে ৷