কোকৰাঝাৰ, ২ মাৰ্চ :পদ্মশ্ৰীপ্ৰাপক, সাহিত্য অকাডেমী বঁটাপ্ৰাপক ড৹ মংগল সিং হাজোৱাৰীৰ আজি ৭০ সংখ্যক জন্মদিন ৷ বিশেষ দিনটোৰ লগত সংগতি ৰাখি কোকৰাঝাৰত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।
সমাজসেৱক সৰ্বেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত শনিবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত ড৹ মংগল সিং হাজোৱাৰীৰ তিনিখন গ্ৰন্থ ক্ৰমে পৰম্পৰাগত বড়ো উৎসৱসমূহ: এক সমালোচনাত্মক অধ্যায়ন, গৌদান মুগানি থান্দৈ(নতুন যুগৰ প্ৰতিনিধি): ড৹ মংগলসিং হাজোৱাৰী আৰু এলবাম উইথ চুইট মেমোৰী উন্মোচন কৰে অৱসৰপ্ৰাপ্ত আইআৰএচ বিষয়া জনকলাল বসুমতাৰীয়ে ।
ইয়াৰে গৌদান মুগানি থান্দৈ(নতুন যুগৰ প্ৰতিনিধি): ড৹ মংগল সিং হাজোৱাৰী গৱেষণা গ্ৰন্থখনৰ অনুবাদ, সম্পাদনা আৰু সংকলক ড৹ মংগল সিং হাজোৱাৰী ৷ উক্ত গ্ৰন্থখন ড৹ জীৱেশ্বৰ কোচৰ অধ্যক্ষতাত ৰূপনাথ মুছাহাৰীয়ে সম্পাদনা কৰাৰ বিপৰীতে আন দুখন গ্ৰন্থৰ লিখক হ'ল স্বয়ং ড৹ মংগলসিং হাজোৱাৰী । গ্ৰন্থ উন্মোচনী সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা ড৹ ফাগুনা বৰমাহালীয়াই ।