বাইহাটা :এখন ৫০০ বছৰীয়া থান । 'ভাঙুৰা বাবা'ৰ থান হিচাপে পৰিচিত এই থানখন পৰিচালিত হয় এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ দ্বাৰা । হিন্দু লোকৰ দ্বাৰা নহয়, ইছলাম ধৰ্মী লোকে পৰিচালনা কৰা থানখন কোনে স্থাপন কৰিছিল ? থানখন মুছলমান পৰিয়ালৰ দ্বাৰা পৰিচালিত হোৱাৰ আঁৰত আছে কেনে ধৰণৰ কাহিনী ? অসমতেই থকা এই থানখনৰ বিষয়ে জানিবলৈ আপোনাৰো নিশ্চয় ইচ্ছা আছে ।
ক'ত আছে এই থানখন ?
উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত আছে ৫০০ বছৰীয়া ঐতিহাসিক থান । ইছলামধৰ্মী লোকৰ তত্ত্বাবধানত থকা থানখনত প্ৰতি বছৰেই উদযাপিত হৈ আহিছে মহাশিৱৰাত্ৰি । উত্তৰ গুৱাহাটী বৰ ৰংমহলত হিন্দু-মুছলমান ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে উদযাপন কৰি অহা ৫০০ বছৰীয়া শিৱৰাত্ৰিক লৈ দেশজুৰি হৈছে চৰ্চা ।
উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলৰ 'ভাঙুৰা বাবা'ৰ থান (ETV Bharat Assam) কোনে পৰিচালনা কৰে ?
'ভাঙুৰা বাবা'ৰ থানখন তদাৰক কৰে মতিউৰ ৰহমান নামৰ এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে । উল্লেখ্য় যে মতিউৰ ৰহমানৰ পূৰ্বপুৰুষে স্থাপন কৰা এচলা শিলত এতিয়াও নিতৌ পূজা অৰ্চনা কৰা হয় । মতিউৰ ৰহমানৰ ঘৰৰ পাছফালে নিৰ্জন ঠাইত অৱস্থিত 'ভাঙুৰা বাবা'ৰ থানৰ অপাৰ মহিমাৰ বাবেই এতিয়া দেশৰ ভিন্ন প্ৰান্তৰ শিৱ ভক্তৰ সমাগম হয় । হিন্দুৱে পূজা পাৰ্বন আৰু ইছলাম ধৰ্মীয়ে ভাঙুৰা বাবাৰ ওচৰত দোৱা মাগে । সকলোৱে কিন্তু বাবাক সুপ্ৰসন্ন কৰাৰ উদ্দেশ্যে এপুৰীয়া ভাং আগবঢ়াবই লাগিব । অৱশ্য়ে নৈবদ্যও আগবঢ়ায় ভক্তসকলে ।
এই থানখনৰ মাহাত্ম্য় সন্দৰ্ভত সাংবাদ মাধ্যমৰ আগত মতিউৰ ৰহমানে কয়, "যিসকল ধৰ্মপ্ৰাণ লোকে এই থানখনলৈ আহি নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে তেওঁলোকে সুফল লাভ কৰে । কিন্তু থানখনত ভাং আগবঢ়াবই লাগিব । হিন্দু ধৰ্মাৱলম্বী লোকৰ উপৰি ইছলাম ধৰ্মী লোকেও এই থানখনলৈ আহে । শ শ বছৰ ধৰি আমাৰ এটাৰ পিছত আন এটা প্ৰজন্মই এই থানখন চোৱা চিতা কৰি আহিছো । অসমৰ বাহিৰেও দিল্লী, মুম্বাই, কলকাতা, মাদ্ৰাজ আদি ঠাইৰ পৰাও ভক্তৰ আগমণ ঘটে ।"