গুৱাহাটী, ৩০ ছেপ্টেম্বৰ :অসমৰ সাধাৰণ প্ৰশাসনীয় ব্যৱস্থাত ৰাজ্য চৰকাৰে ঘটাইছে আমুল পৰিৱৰ্তন ৷ অহা ৰাজ্যৰ ২১ খন জিলাত অহা ৪ অক্টোবৰৰ পৰা কাৰ্যক্ষম হ’ব ৩৯ খনকৈ উপ-জিলা ৷ এই উপ-জিলাসমূহক ৰাজ্য চৰকাৰে নামাংকন কৰা হৈছে ‘সম-জিলা’ নামেৰে ৷ লগতে ঘোষণা কৰিছে এই সম-জিলাসমূহৰ সদৰ ঠাইৰ নাম ৷
অসমৰ ৰাজ্যপালৰ নিৰ্দেশনামৰ্মে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাননী জাৰি কৰি ঘোষণা কৰিছে নতুন সম-জিলাসমূহ আৰু ইয়াৰ সদৰ ঠাইসমূহৰ নাম ৷ লগতে ঘোষণা কৰিছে সম-জিলাৰ কাৰ্যালয়ত কি কি প্ৰশাসনীয় পদবী থাকিব ৷
ৰাজ্যত ৩৯ খন সম-জিলা আৰু সদৰ ঠাই ঘোষণা ৰাজ্য চৰকাৰৰ (ETV Bharat Assam) সম-জিলা আৰু ইয়াৰ সদৰ ঠাইসমূহ :
১/ ধুবুৰী জিলা :
ক) বিলাসীপাৰা, সদৰ ঠাই : বিলাসীপাৰা
খ) গোলকগঞ্জ, সদৰ ঠাই : বিলাসীপাৰা
২/ বঙাইগাঁও :
ক)অভয়াপুৰী, সদৰ ঠাই: অভয়াপুৰী
৩/ কামৰূপ :
ক) ৰঙিয়া, সদৰ ঠাই: ৰঙিয়া
৪/ নগাঁও :
ক) কলিয়াবৰ, সদৰ ঠাই : কলিয়াবৰ
খ) ৰহা, সদৰ ঠাই : ৰহা
৫/ বিশ্বনাথ :
ক) গহপুৰ, সদৰ ঠাই : গহপুৰ
খ) বিহালী, সদৰ ঠাই : বিহালী
ৰাজ্যত ৩৯ খন সম-জিলা আৰু সদৰ ঠাই ঘোষণা ৰাজ্য চৰকাৰৰ (ETV Bharat Assam) ৬/ লখিমপুৰ :
ক) ঢকুৱাখনা, সদৰ ঠাই : ঢকুৱাখনা
৭/ ধেমাজি :
ক) জোনাই, সদৰ ঠাই : জোনাই নগৰ
৮/ তিনিচুকীয়া :
ক) শদিয়া, সদৰ ঠাই : শদিয়া
খ) মাৰ্ঘেৰিটা, সদৰ ঠাই : মাৰ্ঘেৰিটা
গ) ডুমডুমা, সদৰ ঠাই : ডুমডুমা
৯/ শিৱসাগৰ :
ক) নাজিৰা, সদৰ ঠাই : নাজিৰা
খ) ডিমৌ, সদৰ ঠাই : ডিমৌ
১০/ যোৰহাট :
ক) তিতাবৰ, সদৰ ঠাই : তিতাবৰ
১১/ গোলাঘাট :
ক) সৰুপথাৰ, সদৰ ঠাই : সৰু পথাৰ
খ) বোকাখাত, সদৰ ঠাই : বোকাখাত
গ) দেৰগাঁও, সদৰ ঠাই : দেৰগাঁও
১২/ কাছাৰ :
ক) লক্ষীপুৰ, সদৰ ঠাই : ৱাৰ্ড নং-২, লক্ষীপুৰ পৌৰ সভা
১৩/ গোৱালপাৰা :
ক) পশ্চিম গোৱালপাৰা, সদৰ ঠাই : আগিয়া
১৪/ কামৰূপ মহানগৰ :
ক) দিছপুৰ, সদৰ ঠাই : দিছপুৰ
খ) নিউ গুৱাহাটী, সদৰ ঠাই : হেঙেৰাবাৰী
গ) ডিম’ৰীয়া, সদৰ ঠাই : সোণাপুৰ
ঘ) জালুকবাৰী, সদৰ ঠাই : জালুকবাৰী
১৫/ দৰং : ক) ছিপাঝাৰ, সদৰ ঠাই : ছিপাঝাৰ
খ) দলগাঁও : দলগাঁও
১৬/ মৰিগাঁও :
ক) জাগীৰোড, সদৰ ঠাই : জাগীভকত গাঁও
খ) লাহৰীঘাট, সদৰ ঠাই : লাহৰীঘাট
১৭) হোজাই :
ক) লামডিং, সদৰ ঠাই : বামুণগাঁও
১৮) শোণিতপুৰ :
ক) ন-দুৱাৰ, সদৰ ঠাই : কুসুমতলা
খ) ঢেকিয়াজুলি, সদৰ ঠাই : ঢেকিয়াজুলি
১৯/ ডিব্ৰুগড় :
ক) খোৱাং, সদৰ ঠাই : খোৱাং
খ) টিংখাং, সদৰ ঠাই : টিংখাং
গ) নাহৰকটীয়া, সদৰ ঠাই : নাহৰকটীয়া
ঘ) দুলীয়াজান, সদৰ ঠাই : দুলীয়াজান
২০) চৰাইদেউ :
ক) মাহমৰা : সদৰ ঠাই- মৰাণহাট
২১/ কৰিমগঞ্জ :
ক) ৰামকৃষ্ণ নগৰ, সদৰ ঠাই : আৰ. কে. নগৰ টাউন
উল্লেখযোগ্য যে ইতিমধ্যেই যোৱা আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত আছিল যে অসমত প্ৰশাসনীয় সংস্কাৰৰ বাবে কেতবোৰ নতুন উপ-জিলা গঠন কৰা হ’ব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, ‘‘প্ৰশাসনিক কাম-কাজৰ সুবিধাৰ বাবে মুঠ ৮১ খন উপ-জিলা গঢ়ি তোলা হৈছে ৷ এই উপ-জিলাসমূহৰ দায়িত্বত থাকিব অতিৰিক্ত জিলা আয়ুক্ত ৷’’
সেই অনুসৰিয়েই পূৰ্বৰ জিলা সদৰসমূহক প্ৰতিনিধিত্ব কৰা মহকুমা সদৰসমূহক বাদ দি মুঠ ৩৯ খন উপ-জিলা ‘সম-জিলা’ নামকৰণেৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৷ এই সম-জিলাসমূহৰ কাম-কাজ অহা ৪ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ।
লগতে পঢ়ক :NRCৰ নামত এখন কোনে নাটক কৰিছে ? নগাঁৱত সুস্মিতা দেৱৰ বহুকেইটা বিস্ফোৰক মন্তব্য
শিক্ষা বিভাগৰ জাননী: পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ দৰেই হ'ব পাঠদান
চৰকাৰী খৰচতে পঢ়ুৱাব পাৰিব ব্যক্তিগত বিদ্যালয়ত ! অসম চৰকাৰৰ চৰকাৰৰ বিশেষ আঁচনি