শিলচৰ, ১০ আগষ্ট:মৃত্যুৰ ২৭ দিন পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তিনি মাৰ যুবকৰ মৃতদেহ গ্ৰহণ কৰিলে পৰিয়ালৰ লোকে । শনিবাৰে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ মৰ্গৰ পৰা তিনি মাৰ যুবকৰ মৃতদেহ চমজি লৈছে পৰিয়ালৰ লোকে । উল্লেখ্য় যোৱা ৭ আগষ্টৰ শুনানীত গুৱাহাটী উচ্চ ন্যায়ালয়ে মৃতকৰ পৰিয়ালক মৃতদেহ চমজি লোৱাৰ নিৰ্দেশ দিছিল ।
শেষকৃত্য় সম্পন্ন :
আদালতৰ এই নিৰ্দেশ মানি শনিবাৰে তিনি যুৱকৰ মৃতদেহ চমজি লৈ পৰিয়ালৰ লোকে কাছাৰৰ লক্ষীপুৰ মাৰকুলিনত শেষকৃত্য় সম্পন্ন কৰে । তিনি যুবকৰ মাজত দুজন কাছাৰ আৰু এজন আছিল মণিপুৰৰ । তিনি যুৱকৰ এই মৃত্যুৰ ঘটনা বৰ্তমানো ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । অহা ১০ ছেপ্টেম্বৰত আদালতে পৰৰ্ৱতী শুনানিৰ দিন ধাৰ্য কৰিছে ।
কোনে হত্য়া কৰিছিল তিনি যুৱকক :
উল্লেখ্য যে যোৱা ১৬ জুলাই কাছাৰৰ ধলাই গঙ্গানগৰৰ পৰা তিনি মাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে ৷ ১৭ জুলাইৰ পুৱতি নিশা ধৃত তিনি যুৱকক লগত লৈ অসম- মিজোৰাম সীমান্তৱৰ্তী ভূবন পাহাৰত অভিযানলৈ গৈছিল কাছাৰ আৰক্ষী । এই অভিযান চলাবলৈ যাওতেই আন উগ্ৰপন্থীৰ সৈতে গুলীয়াগুলী হয় আৰক্ষীৰ ৷ সেই সময়ত আৰক্ষীৰ জিম্মাত থকা তিনি মাৰ যুৱকৰ মৃত্যু হয় ৷ আৰক্ষীয়ে উল্লেখ কৰা মতে, মৃত তিনি যুৱক মাৰ উগ্ৰপন্থী আছিল ৷