অসম

assam

২৬ গৰাকী জিলা আয়ুক্তক একেদিনাই বদলি : দিয়া হৈছে অতিৰিক্ত দায়িত্বও - Assam Administration

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 5:20 PM IST

DC transfer Assam : একুৰিতকৈও অধিক জিলা আয়ুক্তক বদলি কৰা হৈছে ৷ ন্যস্ত কৰা হৈছে নতুন দায়িত্বত ৷ বহুকেইগৰাকী জিলা আয়ুক্তক দিয়া হৈছে অতিৰিক্ত দায়িত্ব ৷ কোনগৰাকী প্ৰশাসনিক বিষয়াৰ নতুন দায়িত্ব কি ? চাও আহক...

DC transfer Assam
২৬ গৰাকী জিলা আয়ুক্তক একেদিনাই বদলি (ETV Bharat Assam)

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ :শুকুৰবাৰৰ দিনটোত দিছপুৰৰ উপৰিও ডিব্ৰুগড়তো মুখ্যমন্ত্ৰীৰ এটা বিশেষ সচিবালয় মুকলি কৰাৰ সময়তে ৰাজ্যৰ প্ৰায় একুৰিতকৈও অধিক জিলা আয়ুক্তকে ধৰি প্ৰশাসনৰ শীৰ্ষ পদবীধাৰীসকলক বদলি কৰা হৈছে ৷ কেবাখনো জিলাৰ আয়ুক্তক বিভিন্ন বিভাগৰ আয়ুক্ত অথবা সচিব পদলৈ বদলি কৰি দিছপুৰলৈ অনা হৈছে ৷ আনহাতে বহুকেইগৰাকী জিলা আয়ুক্তৰ ওপৰত ন্যস্ত কৰা হৈছে অতিৰিক্ত দায়িত্ব ৷

কাক ক’ত নিযুক্তি :

নাম কি দায়িত্বত আছিল কি হ’ল নতুন দায়িত্ব
জ্বলী কীৰ্তি কামৰূপৰ আয়ুক্ত পঞ্চায়ত-গ্ৰামোন্নয়নৰ আয়ুক্ত, স্বচ্ছ ভাৰত মিছনৰ পৰিচালন সঞ্চালক
ৰোহন কুমাৰ ঝা কাছাৰৰ আয়ুক্ত বৰপেটাৰ আয়ুক্ত
আয়ুস গাৰ্গ বৰপেটাৰ আয়ুক্ত শিৱসাগৰৰ আয়ুক্ত
ড৹ পি. উদয় প্ৰৱীণ গোলাঘাটৰ আয়ুক্ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব
মৃদুল যাদৱ কৰিমগঞ্জৰ আয়ুক্ত কাছাৰৰ আয়ুক্ত
আদিত্য বিক্ৰম যাদৱ শিৱসাগৰৰ আয়ুক্ত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিব
মাছান্দা মাগডালিন পাৰ্টিন পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব কোকৰাঝাৰৰ আয়ুক্ত, বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ সঞ্চালক
জাভিৰ ৰাহুল সুৰেশ ওদালগুৰিৰ আয়ুক্ত ধেমাজিৰ আয়ুক্ত
প্ৰদীপ কুমাৰ দ্বিবেদী কোকৰাঝাৰৰ আয়ুক্ত, বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ সঞ্চালক কৰিমগঞ্জৰ আয়ুক্ত
নাম কি দায়িত্বত আছিল কি হ’ল নতুন দায়িত্ব
জয় শিৱানী পঞ্চায়ত-গ্ৰামোন্নয়নৰ আয়ুক্ত, স্বচ্ছ ভাৰত মিছনৰ পৰিচালন সঞ্চালক যোৰহাটৰ আয়ুক্ত
নেহা যাদৱ বিশ্বনাথৰ আয়ুক্ত চৰাইদেউৰ আয়ু্ক্ত
গায়ত্ৰী দেৱী দাস হাইলিং লখিমপুৰৰ আয়ুক্ত বিত্ত বিভাগৰ যুটীয়া সচিব
দেৱ কুমাৰ মিশ্ৰ শোণিতপুৰৰ আয়ুক্ত কামৰূপৰ আয়ুক্ত, গুৱাহাটী বায়’টেক পাৰ্কৰ চি ই অ’
কাবেৰী বৰকাকতি শৰ্মা মাজুলীৰ আয়ুক্ত ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সচিব
গৌতম দাস মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অতিৰিক্ত সচিব বাক্সাৰ আয়ুক্ত
বিদ্যুৎ বিকাশ ভাগৱতী তামুলপুৰৰ আয়ুক্ত হোজাইৰ আয়ুক্ত
ৰাতুল চন্দ্ৰ পাঠক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যুটীয়া সচিব মাজুলীৰ আয়ুক্ত
পুলক মহন্ত যোৰহাটৰ আয়ুক্ত গোলাঘাটৰ আযুক্ত
নিবেদন দাস পাটোৱাৰী চৰাইদেউৰ আযুক্ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব, ASRLMৰ পৰিচালন সঞ্চালক
মুনীন্দ্ৰ নাথ ঙাটে দৰঙৰ আয়ুক্ত বিশ্বনাথৰ আয়ুক্ত
পৰাগ কুমাৰ কাকতি গোলাঘাট জিলা পৰিষদৰ চি ই অ’ দৰঙৰ আয়ুক্ত
পুলক পাটগিৰি বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব ওদালগুৰিৰ আয়ুক্ত
অংকুৰ ভড়ালী ধেমাজিৰ আয়ুক্ত শোণিতপুৰৰ আয়ুক্ত
লাচিত কুমাৰ দাস হোজাইৰ আয়ুক্ত লখিমপুৰৰ আয়ুক্ত
পল্লৱ মজুমদাৰ ধুবুৰী জিলা উন্নয়ন আয়ুক্ত মুখ্যমন্ত্ৰীৰ সচিবালৰ যুটীয়া সচিব
পংকজ চক্ৰৱৰ্তী খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব তামুলপুৰৰ আয়ুক্ত

ABOUT THE AUTHOR

...view details