অসম

assam

ETV Bharat / state

১৯ কোটি টকা নগদ ধন, ৩১.৮ কোটি টকাৰ সুৰা জব্দ: মুখ্য নিৰ্বাচনী বিষয়া - Lok Sabha Election 2024

3RD PHASE OF LS ELECTION : মঙলবাৰে অসমত 4 টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ সোমবাৰৰ পুৱা 9 বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যত নিৰ্বাচনী আচৰণ-বিধি ভংগৰ মুঠ 221 টা গোচৰ-অভিযোগ আয়োগে লাভ কৰিছে ৷ সোমবাৰৰ পুৱা 9 বজালৈ 209.7 কোটি টকা মূল্যৰ নগদ ধন, সুৰা, ড্ৰাগছ, মূল্যবান আ-অলংকাৰকে ধৰি সম্পত্তি আদি জব্দ কৰিছে ৷

By ETV Bharat Assamese Team

Published : May 6, 2024, 8:22 PM IST

Updated : May 6, 2024, 8:29 PM IST

LS ELECTION IN ASSAM
মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল (ETV BHARAT ASSAM)

কিমান নিৰ্বাচনী আচৰণ-বিধি ভংগৰ অভিযোগ লাভ কৰিলে আয়োগে (ETV BHARAT ASSAM)

গুৱাহাটী, 6 মে’: দেশৰ চলিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মঙলবাৰে সমগ্ৰ দেশৰ 94 টা সমষ্টিৰ লগতে অসমত 4 টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰে পৰা স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰে ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী- এই 4 টা সমষ্টিৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ফ্লাইং স্কোৱাডৰ জৰিয়তে কিমান পৰিমাণৰ নগদ ধন, কিমান পৰিমাণৰ সুৰা জব্দ কৰা হৈছে আজি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য ৷ লগতে প্ৰকাশ কৰিছে আয়োগে কিমান নিৰ্বাচনী আচৰণ-বিধি ভংগৰ অভিযোগ লাভ কৰিলে, কিমান মাৰণাস্ত্ৰ জব্দ কৰিছে আয়োগে ?

6 মে’, সোমবাৰৰ পুৱা 9 বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যত নিৰ্বাচনী আচৰণ-বিধি ভংগৰ মুঠ 221 টা গোচৰ-অভিযোগ আয়োগে লাভ কৰিছে ৷ এই 221 টা গোচৰৰ 219 টা নিৰ্বাচন আয়োগে নিষ্পত্তি কৰাৰ লগতে 12 টা অভিযোগ গুৰুতৰ বুলি উল্লেখ কৰিছে ৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই জনাইছে যে এই 4 টা সমষ্টিত আয়োগৰ নিৰ্বাচন খৰচ পৰ্যবেক্ষণ বিভাগে সোমবাৰৰ পুৱা 9 বজালৈ 209.7 কোটি টকা মূল্যৰ নগদ ধন, সুৰা, ড্ৰাগছ, মূল্যবান আ-অলংকাৰকে ধৰি সম্পত্তি আদি জব্দ কৰিছে ৷ ইয়াৰ ভিতৰত ফ্লাইং স্কোৱাডে কেৱল 19.1 কোটি নগদ ধনেই জব্দ কৰিছে ৷

আনহাতে 31.8 কোটি টকা মূল্যৰ মুঠ 8.26 লাখ লিটাৰ সুৰা জব্দ কৰিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন কালত ৷ ইয়াৰ উপৰিও 129.5 কোটি টকা মূল্যৰ ড্ৰাগছ/নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে ৷ লগতে আ-অলংকাৰকে ধৰি 28.2 কোটি টকাৰ মূল্যৰ মূল্যবান ধাতু জব্দ কৰা হৈছে ৷ আনহাতে আইন-শৃংখলা পৰিস্থিতি ৰক্ষাৰ বাবে লোৱা ব্যৱস্থাত কাইলৈ ভোটগ্ৰহণ হ’বলগীয়া 4 সমষ্টিত বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ প্ৰশাসনে নিজৰ জিম্মাত লোৱাৰ লগতে 32 টাকৈ অস্ত্ৰ জব্দ কৰিছে ৷ নিৰ্বাচনী আচৰণ-বিধি বলৱৎ কৰাৰ পৰা সোমবাৰৰ পুৱা 9 বজালৈকে মুঠ 32 টা মাৰণাস্ত্ৰ জব্দ কৰা হৈছে ৷ জব্দ কৰা কাৰ্টিজ/বিস্ফোৰকৰ সংখ্যা 72 টা ৷ 4 সমষ্টিত অনুজ্ঞপত্ৰ থকা মাৰণাস্ত্ৰৰ মুঠ সংখ্যা 18,202 টা ৷ ইয়াৰ ভিতৰত প্ৰশাসনৰ হাতত জমা দিয়া অস্ত্ৰৰ পৰিমাণ হ’ল 14,921 টা ৷

চাৰিওটা সমষ্টিত জামিনবিহীন ৱাৰেণ্টৰ সংখ্যা মুঠ 2,611 হোৱাৰ বিপৰীতে ইয়াৰ ভিতৰত কাৰ্যকৰী হোৱা জামিনবিহীন ৱাৰেণ্টৰ সংখ্যা 1,185 ৷ আনহাতে এই চাৰিওটা সমষ্টিতত নিৰ্বাচনকেন্দ্ৰিক বিক্ষিপ্ত ঘটনাৰ সংখ্যা 10 টা যদিও বৰ্তমানলৈ আইন-শৃংখলাজনিত গুৰুতৰ একো অঘটন ঘটা নাই বুলি সদৰী কৰে মুখ্য নিৰ্বাচনী বিষয়াই ৷ মনকৰিবলগীয়া যে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত মুঠ 440 টা নিশ্চিদ্ৰ তালাচীত চলি আছে ৷ আনহাতে 502 টা ফ্লাইং স্কোৱাড আৰু 452 টা ষ্টেটিক চাৰ্ভিলেন্স টিমে কৰ্তব্য সম্পাদন কৰি আছে ৷ আনহাতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 93 টা দ্ৰুত সঁহাৰি দল কৰ্মৰত 4 টা সমষ্টিত ৷

লগতে পঢ়ক :ৰাজ্যৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া - LOK SABHA ELECTION 2024

Last Updated : May 6, 2024, 8:29 PM IST

ABOUT THE AUTHOR

...view details