ধেমাজি, ৫ আগষ্ট :যোৱা মাহত দুটাকৈ প্ৰলংকৰী বানে সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো তাণ্ডব চলাই বিস্তৰ ক্ষতিসাধন কৰে ৷ জিলাখনত বানত পথাৰৰ খেতিকে ধৰি কৃষকৰ বিস্তৰ ক্ষতিসাধন হৈছে । কেইবাটাও পোহনীয়া জীৱ-জন্তুৰ মৃত্য়ু হৈছে ৷ এই বিষয়ে সদৰী কৰিছে ধেমাজি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ গিৰিণ শইকীয়াই ।
এইক্ষেত্ৰত ধেমাজি জিলা পশু পালন বিভাগে সদৰী কৰা তথ্য মতে, জিলাখনত হোৱা প্ৰথমটো প্ৰলংকৰী বানত চিচিবৰ গাঁও ৰাজহ চক্ৰত ২১ টা গৰু পানীয়ে উটুৱাই নিয়ে ৷ ইয়াৰে ভিতৰত আছে ৯ জনী গাই আৰু ১২টা হালোৱা গৰু ৷ একেদৰে দ্বিতীয়টো বানত চিচিবৰ গাঁও ৰাজহ চক্ৰৰ অধীনৰ নিলখৰ কৈলাশপুৰত ৪ টা গাহৰিৰ মৃত্যু হয় ৷
এতিয়ালৈকে জিলাখনত ৩৪,৩১৪ টা গৰুৰ বাবে মুঠ ২৪০২.৫৭৯ কুইন্টল পশুখাদ্য যোগান ধৰা হৈছে ৷ পশুধনৰ বাবে ইতিমধ্যে ৩১ টা পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি মুঠ ১২,৫০০ টা জীৱ-জন্তুক চিকিৎসা প্ৰদান কৰা হৈছে ৷ ইয়াৰে ভিতৰত ৩০২০ টা জীৱ-জন্তুক টীকাকৰণ কৰা হৈছে ।