অসম

assam

ETV Bharat / state

বিদ্যালয়ত ছাত্ৰৰ মৃত্যু; প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি - DARRANG STUDENT DEATH ROW - DARRANG STUDENT DEATH ROW

Darrang student murder: অৱশেষত শিক্ষা বিভাগে শাস্তিমূলক ব্যৱস্থা ল’লে ছিপাঝাৰৰ পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ বিৰুদ্ধে ৷ অন্য বিদ্যালয়লৈ বদলি কৰা হ’ল পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক ৷

Darrang student murder
শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 12:59 PM IST

মঙলদৈ, ২৬ ছেপ্টেম্বৰ:দৰং জিলাৰ ছিপাঝাৰৰ পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাৰ পিচতেই প্ৰধান শিক্ষয়িত্ৰীসহ ৯ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী আৰু ৩ গৰাকী চতুর্থ বৰ্গৰ কৰ্মচাৰীক শাস্তিমূলক বদলি ৷ কৰ্তব্যত গাফিলতিৰ অভিযোগত বদলি কৰা হৈছে তেওঁলোকক ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে X হেণ্ডেলত এটা পোষ্টযোগে সদৰী কৰিছে এইকথা ৷

নিজৰ X হেণ্ডেলত এটা পোষ্টত মন্ত্ৰী পেগুৱে লিখিছে- ‘‘যোৱা ২৩/০৯/২০২৪ তাৰিখে দৰং জিলাৰ পদুমপুখুৰী হাইস্কুলত এজন ছাত্ৰই কৰুণভাৱে প্ৰাণ হেৰুওৱা ঘটনাৰ প্ৰতি সঁহাৰি জনাই ভাৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি ১২ জন কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলি কৰা হৈছে । পদুমপুখুৰী হাইস্কুলৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুঢ়ীনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক । আৰক্ষীৰ তদন্ত চলি থকাৰ উপৰিও বিদ্যালয় শিক্ষা বিভাগে ছাত্ৰজনৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰিছে ।’’

উল্লেখ্য যে যোৱা সোমবাৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠাত দশম শ্ৰেণীৰ ছাত্ৰৰ আক্রমণত প্ৰাণ গৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ । ঘটনা সংঘটিত হোৱা দুটা দিনৰ পিছতহে বিদ্যালয়খনত উপস্থিত হৈছিল বিদ্যালয়সমূহৰ পৰিদৰ্শক ইয়াচমিনাৰা বেগম । যাৰ বাবে ৰাইজে জবাবদিহি কৰিছিল বিষয়াগৰাকীক । অৱশেষত শিক্ষা বিষয়াগৰাকীয়ে সেইসকল শিক্ষক-কৰ্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ।

ইপিনে গাঁওবাসীয়ে এইসকল শিক্ষক-কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বিত কৰিবলৈ জনাইছিল দাবী । কিন্তু দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে শাস্তি মূলক বদলি কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ তুলি ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ বিদ্যালয়ৰ ভিতৰত এইদৰে ছাত্ৰৰ প্ৰহাৰত আন এজন ছাত্ৰই অকাল মৃত্যুক সাৱটি ল’বলগা হোৱা ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তাৰোপৰি প্ৰশ্ন উত্থাপন হৈছে ছাত্ৰসমাজৰ মাজত মূল্যবোধৰ বিষয়ক লৈ ৷

লগতে পঢ়ক:জোকোৱা-জুকিয়েই হ’লগৈ হত্যাকাণ্ডৰ কাৰণ ! জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ - Students Murder in Sipajhar

মঙলদৈৰ ছাত্ৰ হত্যাকাণ্ড; নিমাওমাও পৰিৱেশ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত - Students Murder in Sipajhar

ABOUT THE AUTHOR

...view details