আনহাতে, বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড° সচ্চিদানন্দ যোশী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই ৷ লগতে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক হৰেন কলিতা প্ৰমুখ্যে আন আন বিষয়ববীয়াসকল ৷
বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা ড° সচ্চিদানন্দ যোশীয়ে তেওঁৰ ভাষণত কয়, "গ্ৰন্থমেলাত জনসমাগম হোৱা, কিতাপ বিক্ৰী হোৱাটো সমাজৰ বাবে আনন্দৰ বতৰা ৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়া স্থান ৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্ৰীতিৰ সেতু নিৰ্মাণ হয় ৷ অসম গ্ৰন্থমেলাত ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাটো যথাৰ্থতে চমকপ্ৰদ ।"
আন এগৰাকী বিশিষ্ট অতিথি ড° ননীগোপাল মহন্তই কয়, "গ্ৰন্থ মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু ৷ কিতাপে মানুহৰ মনৰ দুৱাৰ মুকলি কৰে ৷ সুস্থ সমাজ এখন গঢ়াত গ্ৰন্থৰ ভূমিকা অপৰিসীম ৷"
সভাত আদৰণী ভাষণ প্ৰদান কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়, "চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ যৌথ উদ্যোগত অসম গ্ৰন্থমেলা আয়োজন কৰাৰ উদ্দেশ্য হৈছে গ্ৰন্থ আন্দোলনক সমৃদ্ধ কৰা ৷ লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ ৰাইজৰ সহযোগত এই কাৰ্যসূচী সফল হোৱা বুলি ক’ব পাৰি ৷ গ্ৰন্থমেলা মানে কেৱল সাহিত্যৰ কিতাপৰ মেলা নহয় ৷ ইয়াত ভিন ভিন বিষয় আৰু লক্ষ্য থাকে ৷ যোৱা ১২ দিনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰায় ৫ লক্ষাধিক গ্ৰন্থপ্ৰেমীয়ে ইয়াত ভিৰ কৰিছে ৷ বিভিন্ন প্ৰকাশনৰ মুঠ ১১৮ খন গ্ৰন্থ বিপণী ইয়াত আছে ৷ যোৱা ১২ দিনত গ্ৰন্থৰ বিক্ৰীয়ে প্ৰায় ৭ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷"
ইয়াৰ উপৰি সামৰণী অনুষ্ঠানত বিগত কেইটামান দিনত শিশুসকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকন, কবিতা আবৃত্তি আৰু বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয় ৷