অসম

assam

ETV Bharat / sports

উভতি চাও 2024: সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী শীৰ্ষৰ 10 বলাৰ - YEAR ENDER 2024

চাওতে চাওতে বিদায় মাগিবৰ হ’ল বছৰটোৱে ৷ 2024 চনত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বিশ্বৰ শীৰ্ষ 10 গৰাকী বলাৰ কোন, আপুনি জানেনে ?

YEAR ENDER 2024
বুমৰাহ আৰু জছ হেজলউড (AFP Photo)

By ETV Bharat Sports Team

Published : Dec 19, 2024, 8:01 AM IST

স্প’ৰ্টছ ডেস্ক:2024 বৰ্ষটো ক্ৰিকেটৰ বাবে আছিল এক উত্তেজনাপূৰ্ণ বছৰ ৷ বহুকেইগৰাকী বলাৰে এইটো বছৰতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল ।

চলিত বছৰটোত টেষ্ট ক্ৰিকেটত সৰ্বাধিক সফল বলাৰত পৰিণত হৈছিল টীম ইণ্ডিয়াৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ, যিয়ে তেওঁৰ মাৰাত্মক বলিং প্ৰদৰ্শন কৰিছিল ।

এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে আমি আপোনাক বিশ্বৰ শীৰ্ষ 10 গৰাকী বলাৰৰ বিষয়ে অৱগত কৰিম, যিসকলে 2024 বৰ্ষত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট লাভ কৰিছে । বুমৰাহকে ধৰি আন তিনিগৰাকী ভাৰতীয় বলাৰে এই তালিকাত লাভ কৰিছে স্থান ।

1. যশপ্ৰীত বুমৰাহ (ভাৰত)

ভাৰতৰ সোঁহতীয়া ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে এই বছৰ টেষ্টত সৰ্বাধিক উইকেট দখল কৰিছে । বুমৰাহে বলিঙত সফলতাৰ ধাৰা অব্যাহত ৰাখি এতিয়ালৈকে দখল কৰিছে 58 টা উইকেট । বলাৰগৰাকীয়ে বৰ্তমানলৈকে 12 খন মেচত 294.4 অভাৰ বলিং কৰিছে, য’ত তেওঁৰ ইক’ন’মিক ৰেট আছিল মাত্ৰ 2.99 । বুমৰাহৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল 6/45 । একে সময়তে বলিং গড় আছিল 15.20 ৷ তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনে টীম ইণ্ডিয়াক বহুকেইখন গুৰুত্বপূৰ্ণ মেচত জয়লাভ কৰাত সহায় কৰিছিল ৷

যশপ্ৰীত বুমৰাহ (AFP Photo)

2. গাছ এটকিনছন (ইংলেণ্ড)

ইংলেণ্ডৰ 6 ফুট 2 ইঞ্চি ওখ ফাষ্ট বলাৰ এটকিনছনে বছৰটোত দ্বিতীয় সৰ্বাধিক সংখ্যক টেষ্ট উইকেট লাভ কৰিছে ৷ এতিয়ালৈকে বলাৰগৰাকীয়ে লাভ কৰিছে মুঠ 52 টা উইকেট ৷ ইংলেণ্ডৰ বলাৰগৰাকীৰ ইক’ন’মিক ৰেট 3.76 হোৱাৰ বিপৰীতে গড় আছিল 22.03 । 2024 চনত এটকিনছনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 7/45 ।

গাছ এটকিনছন (AFP Photo)

3. শ্বোয়েব বছিৰ (ইংলেণ্ড)

ইংলেণ্ডৰ এই যুৱ অফ স্পিন বলাৰগৰাকীয়ে 2024 চনত 15 খন টেষ্টত দখল কৰিছে 49 টা উইকেট ৷ বছিৰৰ ইক’ন’মিক ৰেট হৈছে 3.75 । অৱশ্যে খেলুৱৈগৰাকীৰ গড় আছিল 40.16, যি আনৰ তুলনাত অধিক ৷

শ্বোয়েব বছিৰ (AFP Photo)

4. মেট হেনৰী (নিউজিলেণ্ড)

নিউজিলেণ্ডৰ সোঁহতীয়া তাৰকা ফাষ্ট বলাৰ হেনৰীয়েও 2024 চনত দুৰ্দান্ত প্ৰদৰ্শনৰে দখল কৰে 48 টা উইকেট ৷ যাৰ বাবে বলাৰগৰাকীয়ে এই তালিকাৰ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ চলিত বছৰত হেনৰীৰ গড় 18.58 হোৱাৰ বিপৰীতে ইক’ন’মিক ৰেট আছিল 3.28 ।

মেট হেনৰী (AFP Photo)

5. প্ৰভাত জয়সূৰ্য (শ্ৰীলংকা)

শ্ৰীলংকাৰ বাওঁহতীয়া তাৰকা স্পিনাৰ প্ৰভাত জয়সূৰ্যৰ নাম এই তালিকাৰ পাঁচ নম্বৰত আছে । 2024 বৰ্ষত বৰ্তমানলৈকে 48 টা উইকেট দখল কৰিছে খেলুৱৈগৰাকীয়ে । জয়সূৰ্যই মুঠ 477 অভাৰ বল কৰিছিল ৷ তেওঁৰ ইক’ন’মিক ৰেট হৈছে 3.24 আৰু গড় 32.20 ৷

প্ৰভাত জয়সূৰ্য (AFP Photo)

6. ৰবিচন্দ্ৰন অশ্বিন (ভাৰত)

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত গাব্বা টেষ্টৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আছে এই তালিকাৰ ছয় নম্বৰত ৷ 38 বছৰীয়া অশ্বিনে এই বছৰ 11 খন টেষ্ট মেচ খেলি মুঠ 47 টা উইকেট দখল কৰিছিল । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল 6/88 আৰু ইক’ন’মিক ৰেট আছিল 3.80 । ভাৰতীয় খেলুৱৈগৰাকীয়ে একাধিক টেষ্ট মেচত দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

ৰবিচন্দ্ৰন অশ্বিন (AFP Photo)

7. ৰবীন্দ্ৰ জাদেজা (ভাৰত)

ভাৰতৰ বাওঁহতীয়া তাৰকা স্পিনাৰ ৰবীন্দ্ৰ জাদেজায়ো এই বছৰ বলৰ সৈতে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ 11 খন টেষ্টত মুঠ 44 টা উইকেট দখল কৰিছে খেলুৱৈগৰাকীয়ে । বিদায় মাগিবলৈ লোৱা বছৰটোত জাদেজাৰ গড় আছিল 23.97 । 2024 বৰ্ষত ঘৰৰ মাটিত অনুষ্ঠিত খেলসমূহত জাদেজাই আকৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয় ৷

ৰবীন্দ্ৰ জাদেজা (AFP Photo)

8. অসিথা ফাৰ্ণাণ্ডো (শ্ৰীলংকা)

শ্ৰীলংকাৰ সোঁহতীয়া ফাষ্ট বলাৰ অসিথা ফাৰ্ণাণ্ডোৱে 2024 চনত 9 খন টেষ্ট খেলি দখল কৰিছে 37 টা উইকেট ৷ 102 ৰাণত 5 টা উইকেট দখল কৰাতো আছিল খেলুৱৈগৰাকীৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ এই সময়ছোৱাত ফাৰ্ণাণ্ডোৰ গড় হৈছে 24.48 ।

অসিথা ফাৰ্ণাণ্ডো (AFP Photo)

9. উইলিয়াম পিটাৰ অ'ৰাউৰকে (নিউজিলেণ্ড)

নিউজিলেণ্ডৰ সোঁহতীয়া ফাষ্ট বলাৰ উইলিয়াম পিটাৰ অ'ৰাউৰকে 2024 চনত 10 খন খেলত অংশগ্ৰহণ কৰি 24.80 গড়ৰ সৈতে 36 টা উইকেট লাভ কৰিছিল । খেলুৱৈগৰাকীয়ে এই তালিকাৰ নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

10. জছ হেজলউড (অষ্ট্ৰেলিয়া)

অষ্ট্ৰেলিয়াৰ সোঁহতীয়া তাৰকা ফাষ্ট বলাৰ জছ হেজলউড তালিকাৰ দশম স্থান লাভ কৰিছে ৷ ক্ৰিকেটাৰগৰাকীয়ে মাত্ৰ 13.60 গড়ৰ সৈতে 7 খন মেচত 35 টা উইকেট দখল কৰিছে । 2024 বৰ্ষটো হেজলউডৰ বাবে বৰকৈ প্ৰত্যয়ৰে ভৰা বছৰ নাছিল ৷ কিয়নো চলিত বছৰৰ অধিকাংশ সময়তে আঘাতৰ সৈতে যুঁজিবলগীয়া হৈছিল খেলুৱৈগৰাকী ৷

জছ হেজলউড (AFP Photo)

লগতে পঢ়ক:ধোনীৰ ওচৰত থকা দামী-দামী মটৰ চাইকেলৰ কথা জানিলে আপুনিও হ’ব আচৰিত...

ABOUT THE AUTHOR

...view details